১৫৮৪ শক ৪ মাঘ,--তিপামৰ পানীফাটত মীৰজুমলাৰ : হাতত ৰমণী গাভৰু আৰু তিপাম ৰজাৰ জীয়েকক গতাই দিয়া হয়।
১৫৮৪ শক ৯ মাঘ,--তিপামৰ ঘিলাঝাৰিঘাটত অসম-মোগলৰ সন্ধি- পত্র দুয়োপক্ষে চহি কৰে।
১৫৮৪ শক ১০ ফাগুন, ইং ২২ ফেব্রুয়াৰী ১৬৬৩,--মীৰজুমলাই গুৱাহাটী এৰে৷
১৮৮৪ শক ১৬ চ’ত, ইং ৩০ মাৰ্চ ১৬৬৩,--ঢাকা নৌ পাওঁতে খিজিৰপুৰৰ ওচৰত নবাব মীৰজুমলাৰ মৃত্যু । খেনোৰ মতে ১২ এপ্রিল।
১৫৮৫ শক ২৫ কাতি,-জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু । চক্ৰধ্বজসিংহ ৰজা হয়।
১৫৮৫ শক ৩০ চ’ত,-চেংধৰা বৰবৰুৱাৰ পুতেকৰ লগত জয়ধ্বজসিংহ ৰজাৰ বৰজীয়েকৰ বিয়া।
১৫৮৬-৯৯ শক, ইং ১৬৬৪--৭৭,--ঢাকাত চুবেদাৰ নবাব ছায়িস্তা-খা প্রথম বাৰ।
১৫৮৯ শক ৩ ভাদ,--গুৱাহাটীৰ মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অধীনে অসমৰ সৈন্য-যাত্ৰা।
১৫৮৯ শক ১৭ কাতি বৃহস্পতিবাৰ,--অসমৰ সৈন্যই মোগপক খেদি গুৱাহাটী উদ্ধাৰ কৰে।
১৫৯০ শক ১৯ বহাগ, ইং ২ মেই ১৬৬৮,-পাদশ্যাহজাদা আজমশ্যাহৰ লগত ৰমণী গাভৰু বা ৰহমত বানুৰ বিয়া।
১৫৯০ শক ১২ শাওন, ইং ২৮ জুলাই ১৬৬৮, -- দাৰা-ছুখৰ কন্যা জাহানজেব বা জানী বেগমৰ লগত আজমশ্যাহৰ বিয়া। এই উপলক্ষে সমাটে পাদশ্যাহজাদাক “আজমতাৰা" খিতাপ দিয়ে।
১৫৯০ শক ২১ চ’ত,--গুৱাহাটী লবৰ মনেৰে মোগল সেনাপতি ৰামসিংহ ৰজা সসৈন্যে আগিয়াঠুঠি পায়হি।