এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
ৰমণী গাভৰুৰ চিঠি
যদিও দেখিছোঁ মই অট্টালিকাৰাশি
মনোহৰ দিল্লী নগৰৰ,
প্রাচীন দুৱাৰ আদি অলেখ অলেখ,
দেখো যেন ইন্দ্র ভবনৰ,
তথাপিতো উদাসিনী হৃদয় আতুৰ,
কিবা যেন নাইকিয়া, হাঁয়,
ছাই যেন দেখোঁ আজি অট্টালিকাৰাশি,
হৃদয়ত কিবা এটি নাই !
যিমানেই ভাবোঁ মই অসম কাহিনী
প্ৰেমময় দেখিছোঁ মাথোন,
উতলা সকলো, হাঁয়, বিহ্বল অন্তৰ,
অসুখীয়া দেহ-প্রাণ-মন।
আছে মোৰ দেহাখনি দিল্লী চহৰত,
মন-প্ৰাণ আছে অসমত,
সন্ন্যাপিনী বেশ ধৰি অকলে-অকলে
প্রৱেশিম যেন সি দেশত।
লিখক- শ্ৰীজ্ঞাননাথ বৰা