সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৷৷৴৹

এবীন্দ্ৰ-কাব্য সুদীৰ্ঘ, সুগভীৰ আৰু সুবিশাল। এই কাৰণে ইয়াৰ ওপৰত বিভিন্ন ব্যাখ্যা হোৱা একো আচৰিত নহয়। বিশেষত এবীন্দ্ৰনাথৰ শেহৰ হোৱাৰ কবিতাৱলীৰ মাজত বহুতো সমালোচকে “সুৰৰ অপূৰ্ণতা”ৰ স্বীকানোক্তি আৱিষ্কাৰ কৰিছে। ভবানন্দময় ভাবে যে ৰবীন্দ্ৰনাথৰ কাব্যৰ আপোন মুৰত শ্ৰমজীৱি জনসাধাৰণৰ চিত্তৰ আশা-আকাঙ্ক্ষা পৰিস্ফুট হৈ উঠা নাই। সকলে দেখিও যেন জীৱনৰ কুৰুক্ষেত্ৰত সমৰত এই অখ্যাত সেনানীসকলৰ মৰ্ম্ম- তেওঁ শুনা নাছিল। এই ব্যাখ্যা গভীৰ ভাৱে প্ৰণিধানযোগ্য। কাৰণ আপোন জীৱনযাত্ৰা-প্ৰণালীযে ৰবীন্দ্ৰনাথৰ সৰ্বত্ৰগামী উপলব্ধিক সৰ্বশ্ৰেণীমুখা কৰি তোলা নাছিল।

এই ৰচনা কেইখনিয়ে এহাতেদি যেনেকৈ ৰবীন্দ্ৰ-প্ৰতিভাৰ মহত্বৰ প্ৰতি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছে, আনহাতেদি তেনেকৈ ই অসমীয়া প্ৰতিভাৰ স্বাধীন চিন্তাৰ স্বাক্ষৰো বহন কৰিছে। ভাৰতীয় সাহিত্যত কাব্য পৰম্পৰা অতিশয় মহৎ, এই মহৎ কাব্য-পৰম্পৰাৰ শেহতম নিদৰ্শন ৰবীন্দ্ৰনাথ। ৰবীন্দ্ৰকাব্য চৰ্চা স্বৰূপাৰ্থত আমাৰ মহৎ ঐতিহৰে চৰ্চা। কবিত্ব সৃষ্টিশক্তিৰ নিদৰ্শন হিছাপেও ই আমাৰ অনুপ্ৰেৰণাৰ কল। সেই কাৰণে ৰবীন্দ্ৰ-প্ৰতিভাৰ উৎস অনুসন্ধানৰ ক্ষেত্ৰত এই বাট পোনোৱ প্ৰচেষ্টাৰ বাবে ভবানন্দ দত্ত আমাৰ ধন্যবাদৰ পাত্ৰ। ই অসমীয়া সাহিত্যৰ বোদ্ধিক জীৱনৰ এটি অভাৱ পুৰাব।

ভবানন্দক মই বন্ধু হিছাপেও পাইছিলোঁ। তেওঁৰ স্মৃতি শক্তিয়ে মোক মুগ্ধ কৰিছিল আৰু বিশ্লেষণ শক্তিয়ে আনন্দ দিছিল। তেওঁৰ লিখাত সদায় এটা সামাজিক অন্তদৃষ্টি দেখা পাইছিলে। তেওঁ বিশ্বাস কৰিছিল যে মানুহ সামাজিক প্ৰাণী, মানুহৰ কল-কাব্য দৰ্শন সামাজিক সংগ্ৰামৰ সংস্কৃত সৃষ্টি। তেওঁৰ চিন্তা সততে সামাজিক পুনগঠনৰ