সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰবীন্দ্ৰ প্ৰতি সভ্যতাৰ মহাকলংক এই হিংসা আৰু লোভ উটুৱাই নি শান্তি আৰু প্ৰেম জোৱাৰেৰে ধৰণীতল নিৰ্মল আৰু গ্লানি মুক্ত কৰি দিবলৈ কৱিয়ে প্ৰাৰ্থনা কৰিছে- “হিংসায় উন্মত্ত পৃথি নিত্য নিঠুৰ দ্বন্দ্ব ঘোৰ কুটিল পন্থ তাৰ লোভ জটিল বন্ধ” কৱিৰ সত্যান্বেষী দৃষ্টিত ধৰা পঢ়িল যে সভ্যতাৰ এই মহা সংকট কোনো ব্যক্তি বিশেষৰ লোভৰ কাৰণে নহয়; এই বৈশ্য তান্ত্ৰিক সমাজ ব্যৱস্থাই মানৱ সমাজক ক্ষুধাতুৰ আৰু ভুৰীভোজী—এই দুই বিৰোধী শ্ৰেণীত বিভক্ত কৰিছে। এই দুই শ্ৰেণীৰ সংঘাত অৱশ্যম্ভাৱী উপড়ে আকাশে সাজানো তড়িৎ আলো নিম্নে অতি বৰ্বৰ কালো ভূমি গৰ্ভৰ ৰাতে ক্ষুধাতুৰ আৰ ভুৰিভোজীদে নিদাৰুণ সংঘাতে ব্যপ্ত হয়েছে পাপেৰ দুহিন। সভ্য নামিক পাতালে সেথায় জমেছে লুটে নি পাপে এ সঞ্চয় সৰ্বনাশেৰ পাগলে হাতে আগে হয়ে যায় ক্ষয় ভীষণ যজ্ঞে প্ৰায়শ্চিত্ত পূৰ্ণ কৰিয়া শেষে নতুন জীৱন নতুন আলোকে জাগিবে নতুন দেশে। পশ্চিমীয়া সভ্যতাৰ প্ৰতি মোহমুক্ত দৃষ্টি লৈ কৱিয়ে চাই পঠিয়ালে নিজৰ দেশ ভাৰতবৰ্ষলৈ। এই ভাৰতভূমিক প্ৰথমে কৱিয়ে কল্পনা কৰিছিল ভুবনমনোমমাহিনী হিচাবে, তাৰ