বীজ প্ৰতি এসো যুগান্তৰেৰ কবি দাড়াও এই মানহাৰা মানবীৰ দ্বাৰে পূৰ্ব-পশ্চিমৰ মৈত্ৰী বন্ধনে পুণ্য মন্ত্ৰৰ ঠাইত মানুহ জন্তুৰ হুহুংকাৰ দিশে দিশে বাজি উঠা দেখিলে “ক্ষুব্ধ যাৰা, সুব্ধ যাৰা মাংস গন্ধে মুগ্ধ যা একান্ত আমাৰ দৃষ্টিহাৰা শ্মশানেৰ প্ৰান্তৰ, আবৰ্জনা কুণ্ড তব ঘিৰে বিভৎস চীৎকাৰে তাৰা ৰাত্ৰিদিন কৰে কেচামেচি নিলজ্জ হিংসায় কৰে হানাহানি। শুনি তাই আজি মানুষ জন্তুৰ হুহুংকাৰ দিকে দিকে উঠে বাজি।” বণিক সভ্যতাৰ লোভ আৰু হিংসাৰ উন্মত্ত নৰ্তন দেখি কৰিয়ে মানৱতাৰ ভৱিষ্যত সম্বন্ধে সন্ত্ৰস্ত হৈ পৰিল। আৰু এই ৰক্তকলুষ পৃথিৱীৰ শিশুঘাতী, নাৰীঘাতী কুৎসিৎ বিভৎসক তীব্ৰ ধিক্কাৰ বাণী হানিলে— “মহাকাল সিংহাসনে সমাসীন বিচাৰক শক্তি দাও শক্তি দাও মোৰে কণ্ঠে মোৰ আনো বজ্ৰ বাণী শিশুঘাতী নাৰীঘাতী কুৎসিৎ বিভৎসতাৰে ধিক্কাৰ হানিতে পাৰি যেন। নিত্যকাল ৰবে যা স্পন্দিত লজ্জাতুৰ ঐতিহেৰ হৃৎস্পন্দনে।”
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৭৮
অৱয়ব