সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এবী প্ৰতি ভাৰতবৰ্ষতত সেই বৰ্বৰতাই অতি নৃশংস ৰূপ ধাৰণ কৰিলে যাৰ এক পৰিণতি হ’ল জালিয়ানাবাগ হত্যাকাণ্ড। এই পৈশাচিকতাৰ তীব্ৰ নিন্দাবাদ কৰি কণ্ঠত ধ্বনিত হ’ল কৰিয়ে নাইট উপাধি বৰ্জন কৰি সম্ৰাটলৈ দিয়া চিঠিখনত। The time has come when badges of honour make our shame glaring in their incongruous context of humiliation and I for my part wish to stand share of all special distinctions by the side of throne of my countrymen who, for their so-called insignificance are liable to suffer a degradation not fit for human beings. ভাৰতবাসীৰ প্ৰতিবাদে আনফালে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ পথ ললে। মিলন আৰু সমন্বয়ৰ উদগাতা কৱি ৰবীন্দ্ৰনাথে ইয়াবা নেতিবাচক আৰু বিৰোধমূলক আন্দোলন বুলি ধাৰণা কৰি সেই আন্দোলনক সমৰ্থন নকৰিলে। ইয়াৰ ফলত মহাত্মা গান্ধী আৰু অন্যান্য দেশনেতা সকলৰ লগত কৱিৰ মতৰ দ্বন্দ হয়। কৱিয়ে জাতিৰ এই আত্মপ্ৰতিষ্ঠাৰ আৰু স্বৰাজ লাভৰ এই সংগ্ৰামী আন্দোলনৰ পৰা আঁতৰি থাকিল। মিলনৰ মাজেদি মহামানৱতাৰ আৰু মানৱ মৈত্ৰীৰ বিকাশৰ ক্ষীণ আশা হৃদয়ত আপোন কৰি লৈ গান গালে চিৰন্তন মিলন বিৰহৰ, আনন্দ বেদনা, গান গালে চিত্তবিমোহিনী শীলাসংগিনীৰ, গান গালে পৰম প্ৰেমৰূপ