কিন্তু বাস্তৱ সমাজ-জীৱনতো সংগীতময় নহয়; তাত আছে নানা সংঘাত, নানা জয় পৰাজয়। কবিয়ে সেই সংঘাতময় সমাজ-জীৱনৰ পৰা আতৰত থাকি অনন্তৰ আৰু নিসৰ্গৰ সীমা- হীন নিৰ্জনতাত বিশ্ববিমোহিনী মানস সুন্দৰী আৰু নিৰুদ্দেশ মনৰ মানুহৰ অনিৰ্দেশ্য বেদনাৰ বলিয়া সুৰ সাধনাত আপোন পাহৰি থাকিব নোৱাৰিছিল। জীৱনক পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ সৌন্দৰ্য্য পিয়াসী কৱিয়ে সমাজ-জীৱনৰ নানা সংঘাতৰ ভিতৰত নিজকে ব্যাপ্ত কৰিলে, সংগীত মুখৰ জীৱন কৰ্মমুখৰ কৰি তুলিলে কৱিৰ ভাষাত—
“সেদিন পচিশে বৈশাখ
আমাকে আনল ডেকে
বন্ধুৰ পথ দিয়ে
তৰঙ্গ মন্দ্ৰিত জন-সমুদ্ৰতীৰে”
কিন্তু জনসমুদ্ৰ তীৰ যে ৰণক্ষেত্ৰ ই কেৱল প্ৰেমৰ অমৰাৱতী নহয়; ইয়াত অকল বাঁহীৰ সুৰেই নাবাজে, ইয়াত বাজে ভেৰী, দুন্দুভি—
“সেদিন জীৱনেৰ ৰণক্ষেত্ৰ
দিকে দিকে জেগে উঠল
সংগ্ৰামে সংঘাত
গুৰু গুৰু মেঘমন্দ্ৰ
একতাৰা ফেলে দিয়ে
কখনো বা নিতে হলে ভেৰী,