সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰবীন্দ্ৰ প্ৰতিভা
৩৩
 

মানুহৰ সমবেত শক্তিৰ দ্বাৰা জয় কৰিবলৈ আৰু সেই সমবেত শক্তি প্ৰয়োগৰ বাধা উদ্ভৱ হোৱা মানুহৰ পাৰস্পৰিক সহানুভূতি আৰু একতা আৰু মানুহৰ সাংস্কৃতিক জীৱন বিকাশৰ ভিতৰেদি জীৱনক মহীয়ান কৰি তুলিবলৈ সুবিধাও আছে। কাৰণ জীয়াই থকাৰ কাৰণে মানুহে কৰা সেই সমবেত সংগ্ৰামৰ ভিত্তিতেহে মানুহৰ উচ্চতৰ সাংস্কৃতিক জীৱন গঢ়ি উঠিব পাৰে। পশু জীৱনত মানুহৰ নিচিনা আত্ম-সচেতন সমবেত সংগ্ৰাম নাই। সেয়ে পশু জগতত সংস্কৃতি সভ্যতাৰ স্থান নাই। এই সচেতন সমবেত সংগ্ৰামেই মানুহৰ সমাজ জীৱনৰ-ধৰণী।

 মানুহৰ জীয়াই থকাৰ একমাত্ৰ প্ৰধান শত্ৰু প্ৰকৃতি। এই শত্ৰুৰ বিৰুদ্ধে মানৱ জাতিয়ে অনবৰত সংগ্ৰাম কৰি আহিছে। এই সংগ্ৰামৰ ভিতৰেদি ক্ৰমাগতভাৱে মানুহে প্ৰকৃতিৰ শক্তিক জয় কৰি, সেই শক্তিক জীৱনৰ প্ৰয়োজনত লগাই বিজয় ঘোষণা কৰি আহিছে। এই সংগ্ৰামত মানুহৰ ইতিহাসত নানা উত্থান পতন হৈছে। কত জাতিয়ে সেই সংগ্ৰামত অস্তিত্ব হেৰুৱাই পেলাইছে, তথাপিতো মানুহে সভ্যতাৰ পথত আগবাঢ়ি আহিছে। প্ৰকৃতিৰ গোলামিৰ পৰা মানুহৰ শক্তি প্ৰয়োেগ কৰি জীৱনক ক্ৰমাগতভাৱে মুক্ত কৰিব পৰাতোৱে মানৱ জীৱনৰ প্ৰকৃত মুক্তি। সেই মুক্তি সাধনাই মানুহৰ জীৱনৰ লক্ষ্য। প্ৰকৃতিৰ গোলামিৰ পৰা পোৱা এই মুক্তিৰ উপলব্ধি আৰু আনন্দৰ মাজেদিহে মানুহৰ প্ৰকৃত সংস্কৃতিৰ গঢ় লয়। কিন্তু এই মুক্তি প্ৰকৃতিৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব নোৱাৰে। সেয়ে সেই মুক্তি