ধৰ্মৰ বিষয়ে এই খিনি কলেই হ'ব যে আজিৰ যন্ত্ৰ শিল্পৰ দিনত ইয়াৰ ভিত্তিত ৰচিত পুৰণি সমাজ ব্যৱস্থা অচল হৈ গৈছে আৰু তাৰ পৰা যিমান সোনকালে আমাৰ সমাজক মুক্ত কৰিব পাৰি সিমানেই মঙ্গল।
মুঠ কথা মানৱ জীৱনৰ যিবিলাক সাৰ্বজনীন ভাৱে স্বীকৃত সত্য সেই বিলাকৰ ওপৰত ভিত্তি কৰি জীৱনৰ তাৎপৰ্য আৰু লক্ষ্য আৰু তাৰ সাধনাৰ পথ নিৰ্ণয় কৰিব লাগিব। কোনো অলৌকিক অদৃষ্ট আৰু বিচাৰ বিৰোধী বা বিচাৰাতীত শক্তিৰ ওপৰত বিশ্বাস কৰি জীৱনৰ ৰক্ত মাংসৰ লগত জড়িত থকা সত্যবোক অস্বীকাৰ কৰাটো কোলাৰটো এৰি পেটৰটো আশা কৰাৰ নিচিনা হব নোৱাৰে।
জীৱনৰ এটা প্ৰধান সত্য হৈছে মানুহৰ জীয়াই থাকিবৰ প্ৰয়াস। ইয়াক অস্বীকাৰ কৰিবৰ উপায় নাই। সেইটো নহলে মানুহে এই জীৱনৰ দুখ দূৰ কৰিবলৈ আত্ম নিধনৰ পথ ললে হেঁতেন। এই জীয়াই থকাৰ কাৰণে মানুহে যি কাম কৰিব লাগে সেইটো মানুহৰ অপৰিহাৰ্য কৰ্তব্য। সেই কৰ্তব্যক কোনো মতে অবহেলা কৰিব নোৱাৰি বা কাজে সেইটো কৰিব দিয়াটো সমাজ বিগৰ্হিত কাম হব। যি মানুহে জীয়াই থকাটো বেয়া বুলি কয় সেই মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই। জীৱনৰ যি দুখ আছে সেই বোৰকে লৈ বিনাই থকাটো আত্মহত্যাৰ চামিল। যি দৰে জীৱনত দুখ আছে সেইদৰে সেই দুখৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ, সেই দুখক