কথা নেভাৱি সমাজৰ হিত বা মঙ্গলৰ অৰ্থে কৰ্ম কৰে, কিন্তু তাতে প্ৰতি পদে দেখে যে মানুহে মানুহে হিংসা, ঘৃণা, অন্যায় অবিচাৰ, উৎপীড়ন আদিয়ে মানৱতাৰ সকলো মঙ্গল প্ৰচেষ্টা আবৰি ৰাখিছে আৰু সেইবোৰৰ বিৰুদ্ধে যিমানেই সংগ্ৰাম কৰিছে সিমানেই বিফল হ’ব লগা হৈছে; তেতিয়া স্বাভাৱিকতে প্ৰশ্ন জাগে এই কাম কৰাৰ অৰ্থ কি? ইয়াৰ পৰা যদি সমাজৰ গ্লানি দূৰ কৰিব নোৱাৰি, যদি মনোমত এখন সুখী আৰু শান্তি- পূৰ্ণ সমাজ ৰচনা কৰি লব নোৱাৰি তেন্তে জানে। এই মহৎ কৰ্মৰ প্ৰেৰণাও অৰ্থ হীন, জীৱন জানে। বিহেৰে ভৰা মাখে। ক্লেশ গ্লানি? এই দুখৰ জাননা শেষ নাই? হয়তো মানুহে এই দুখকো নীৰৱে সহ কৰিলে হেঁতেন, কাৰণ এই জীৱনৰ দুখৰ আৱৰণৰ মাজতো মাজে মাজে শান্তিৰ আভাস পোৱা যায়। হয়তো জীৱনত অনাবিল শান্তি নেথাকিব পাৰে হয়তো আমাৰ হাঁহিও দুখৰেই হাঁহি, কিন্তু সেই দুখক যে মানুহে মৌন মুক ভাৱে সহ্য কৰিব নালাগে, তাক যে গানৰ মাজেদি, কাব্যৰ মাজেদি, শিল্পকলাৰ মাজেদি পৰস্পৰ দুখৰ ভাষাৰ আদান প্ৰদানৰ ভিতৰেদি সম দুখ দুখী মানৱৰ প্ৰাণৰ পৰশ প্ৰেমৰ মাজেদি মানুহে সেই দুখকো কিছু পৰিমাণে পাহৰি থাকিব পাৰে। তাৰ উপৰিও মানুহৰ ক্ষুদ্ৰ শক্তিৰে, সীমাৱদ্ধ সাধনাৰে সেই দুখৰ বিৰুদ্ধে সংগ্ৰাম কৰি তাৰ বহু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে আৰু যি ক্ষেত্ৰত সফলতা লাভ কৰিৰ নোৱাৰে তাত সেই সংগ্ৰামৰ জৰীয়তে এটা আত্মগৰিমাৰ
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৪৫
অৱয়ব