সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২২
ৰবীন্দ্ৰ প্ৰতিভা
 

বা আত্মনিগ্ৰহ পথ লয়। আত্মাৰ সুৰৰ সহাৰি বিচাৰি বৈৰাগীৰ বেশে দেশ দেশান্তৰ ভ্ৰমি ফুৰে। ব্যক্তিগত জীৱনৰ চিন্তা এৰি সমাজ সেৱা আৰু মানৱ কল্যাণৰ কামত আত্মোৎসৰ্গ কৰি দি আত্মাৰ পৰম শান্তি বিচাৰে। প্ৰশ্ন হৈছে এই বোৰৰ কোনটো পথ ঠিক, কোন পথেদি মানুহে সেই পৰম তৃপ্তি পাব পাৰে।

 এই প্ৰশ্ন সমাধান নানা জনে নানা প্ৰকাৰে দিবৰ চেষ্টা কৰিছে। কিন্তু প্ৰশ্নৰ উত্তৰতকৈও প্ৰশ্নটোৰ তাৎপৰ্য অতি গভীৰ। মানৱ অন্তৰৰ এই পোৱা নোপোৱা তৃপ্তি অতৃপ্তিৰ দ্বন্দ্ৰটোৱে এটা দাৰুণ ট্ৰেজেডি। ই মানৱৰ হৃদয়ৰ মৰ্ম্ম ভেদি ওলোৱা এটা গভীৰ ক্ৰন্দন। এই ক্ৰন্দনৰ ধ্বনিয়েই মানৱৰ সাহিত্য যুগে যুগে ৰসায়িত কৰি আহিছে। আমাৰ কবি নলিনী দেবীয়ে তাৰেই প্ৰকাশ বিচাৰি কৈছে—

“সকলে পাইছো তবু কিবা যেন নাই নাই
মুখত মুফুটে ভাষা প্ৰাণে ভাৱ বিচাৰি নাপায়”
“কিহৰ ই হাবিলাষ কিয় এই
সীমাহীন গতি”

ইংৰাজী কবি শেলীয়ে গাইছে—

“We look before and after
and pine for what is not
Our sincerest laughter
With some pain in fraught