সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২০
ৰবীন্দ্ৰ প্ৰতিভা
 

সেয়ে কবিৰ মতে সেই সাধাৰণ মানুহৰ মৰ্ম্মবাণী নিজৰ কাব্যত প্ৰকাশিত হোৱা নাই।

তাই আমি মেনে নিই
সে নিন্দাৰ কথা
আমাৰ সুৰেৰ অপূৰ্ণতা
আমাৰ কবিতা জানি আমি
গেলেও বিচিত্ৰ স্থানে হয় নাই সে সৰ্বত্ৰগামী।

সেয়ে কবিয়ে নতুন কবিক আহ্বান কৰিছে যিয়ে সেই অখ্যাত জনৰ নিৰ্বাক মনৰ জীৱনৰ লগত গভীৰ মোগ ৰাখি সেই সকলৰ প্ৰাণৰ কথা কাৰ্য্যত, গানত প্ৰকাশ কৰিব পাৰে। সেই সকল নিৰানন্দৰ জীৱনত আনন্দৰ সঞ্চাৰ কৰিব পাৰে। দেশৰ সেই বিৰাট মৰুভূমিত প্ৰেমৰ মৰুদ্যান ৰচনা কৰিব পাৰে, কাব্য সংস্কৃতিৰ ক্ষেত্ৰত ইমান দিনৰ ব্ৰাত্য সকলকো যেন প্ৰকৃত মৰ্য্যাদাপূৰ্ণ আসন দিব পাৰে।

“এসো কবি অখ্যাত জনে,
নিৰ্বাক মনে
মৰ্মেৰ বেদনা যত কৰিও উদ্ধাৰ
প্ৰাণহীন এদেশেতে গানহীন যেথা চাৰি ধাৰ,
অৱজ্ঞাৰ তাপে শুক নিৰানন্দ সেই মৰুভূমি
ৰসে পূৰ্ণ কৰি দাও তুমি।”

কবিয়ে সেই নতুন কবিকে নিজৰ শেষ নমস্কাৰ কৰি গৈছে:

“তুমি থাকো তাহাদেৰ জাতি
তোমাৰ খ্যাতিতে তা পায় যেন
আপনাৰি খ্যাতি,
আমি বাৰম্বাৰ
তোমাৰে কৰিব নমস্কাৰ।”