৷৹
“বিশ্বপ্ৰকৃতি প্ৰেমে কবিক জীৱনৰ ধৃতি দিছে যেতিয়াই
সমাজ-জীৱনৰ সংঘাতত পৰি বিভ্ৰান্ত হৈ পৰে, যেতিয়াই
ব্যক্তিগত জীৱনৰ বিপদ আৰু দুৰ্ভাগ্যই কবিৰ জীৱন বিদ্বাদময়
কৰি তোলে, নিদাৰুণ দুখাঘাতত কবিয়ে মৃত্যুৰ স্নেহ-শীতল
শান্তি কামনা কৰে,' সেই সময়ত কবিয়ে সান্ত্বনা পায় মানব-
সমাজ-বিহীন বিশ্ব-প্ৰকৃতিৰ বুকত।”
অৱশ্যে সন্ন্যাসীয়ে যি ধৰণে বিশ্বপ্ৰকৃতিত ভূমানন্দ পায়, ৰবীন্দ্ৰনাথে সেই ধৰণে নেপায়। প্ৰকৃতি তেওঁৰ মাতৃ, এই মাতৃক তেওঁক বন্দনা কৰিছে। প্ৰেমেৰে।
তোমাৰ বন্দনা গানে আমি দিব মুৰ
যাহা জানি দুয়েকটি প্ৰীতি সুমধুৰ
অন্তৰেৰ ছন্দোগাথা। দুখেৰ ক্ৰন্দনে
বাজিব আমাৰ কণ্ঠ বিষাদ মধুৰ
তোমাৰ কণ্ঠেৰ সনে; কুসুমে চন্দনে
তোমাৰে পূজিব আমি; পৰাব সিন্দুৰ
তোমাৰ সীমন্তে ভালে; বিচিত্ৰ বন্ধনে
তোমাৰে বাঁধিব আমি; প্ৰমোদ সিন্ধু
তঙ্গেতে দিব দোলা নব ছন্দ তানে।
দত্তই দৰ্শাইছে, ৰবীন্দ্ৰনাথে ঐহিক জীৱনক একান্তভাৱে গ্ৰহণ কৰিছে, কিন্তু প্ৰকৃতিৰ লগত ইয়াৰ কোনো বিৰোধ দেখা নাই। বৰং তেওঁৰ কল্পনাত মানবপ্ৰকৃতি আৰু বিশ্বপ্ৰকৃতিৰ সম্মিলনত এক অপূৰ্ব “মানসসুন্দৰীৰ” সৃষ্টি হৈছে। এখন ভাসিছ তুমি অন্তৰেৰ মাঝে; স্বৰ্গ হতে মৰ্ত্যভূমি