সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৮
ৰবীন্দ্ৰ প্ৰতিভা
 

বাৰে মানৱক ধিক্কাৰ দিয়াটো আৰু সেইবোৰ দূৰ কৰিবলৈ কেৱল মঙ্গলময়ক প্ৰাৰ্থনা কৰাটো বা সংগ্ৰামক অস্বীকাৰ কৰি ভৱিষ্যতে কেতিয়াবা কোনো অদৃশ্য শক্তি নিয়ন্ত্ৰণত এইবোৰ দূৰ হ’ব বুলি ক্ষীণ আশা বুকুত সাৱটি থকাটো বাস্তব মানৱৰ প্ৰতি গভীৰ সহানুভুতিৰ অভাৱ হে বুজায়। আকৌ প্ৰকৃতিৰ যি শক্তি প্ৰৱাহ সি মানৱ সমাজৰ অগ্ৰগতিৰ পক্ষ- পাতী নয়, বিৰোৰী হে। গতিকে মানৱ সমাজে নিজৰ সমৃদ্ধি আৰু মুক্তিৰ পথত সদায় প্ৰকৃতিৰ বিৰুদ্ধে বিৰামহীন- ভাৱে সংগ্ৰাম কৰিহে যাব লাগে। কবি ৰবীন্দ্ৰনাথে এই অতি প্ৰয়োজনীয় সংগ্ৰামৰ কথা মনেদি স্বীকাৰ কৰি লোৱা নাই। কিন্তু এই সংগ্ৰামত মানুহে কেৱল মঙ্গলময়ক প্ৰাৰ্থনা কৰিয়ে থাকিব নোৱাৰে। কেৱল অদৃশ্য শক্তিৰ ওপৰত বিশ্বাস ৰাখিয়ে থাকিব নোৱাৰে। সমাজৱদ্ধভাৱে কৰ্ম্মযোগী হৈ নিয়ত সংগ্ৰাম কৰি যাব লাগে। এই সংগ্ৰামৰ কাৰণে সমাজ জীৱনতো ভাল বেয়া নানা সংঘাট দেখা দিয়ে। সামাজিক দ্বন্দ্ৰৰ মাজেদিহে প্ৰকৃতিৰ বিৰুদ্ধে মানৱৰ সংগ্ৰাম বিজয়ৰ পথত আগ বাঢ়ে। সামাজিক দ্বন্দ্ৰৰ ভিতৰতহে মানৱ প্ৰকৃতিৰ কদৰ্য ফালটো ফুটি উঠে, ইয়াক অস্বীকাৰ কৰিবৰ উপায় নাই।

 কবিয়ে শেষ জীৱনত নিজৰ কবি জীৱনৰ এই দুৰ্বলতা, এই অপূৰ্ণতা স্বীকাৰ কৰি গৈছে। প্ৰকৃতিৰ অন্তৰৰ গভীৰ মুৰ কবিৰ পৰিচিত। সেই সুৰ নানা মুচ্চনাত কবিৰ গান আৰু