সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৬
ৰবীন্দ্ৰ প্ৰতিভা
 

“পায়ে বিধছে কাটা
ক্ষতবক্ষে ঝড়েছে ৰক্ত ধাৰা
নিৰ্মম কঠোৰ মেৰেছে ঢেউ
আমাৰ নৌকাৰ দাইনে বায়ে
জীবনে পণ্যকে চেয়েছে ডুবিয়ে দিতে
নিন্দাৰ তলায়, পঙ্কেৰ মধ্যে।”

 ব্যক্তিগত জীৱনৰ বিপৰ্যয়ত কবিয়ে পৰপাৰৰ সপোন মাজে মাজে দেখিছিল যদিও কবিয়ে প্ৰকৃত সাত্বনা বিচাৰি প্ৰকৃতিৰ বুকুলৈ যায়। তেতিয়া কবি মানব সমাজত নাই। অসীমৰ বুকুত উন্মুখ আকাশৰ সীমাহীন নীল আৰু-নক্ষত্ৰৰ স্পন্দনত কবিয়ে প্ৰাণৰ সমলয় ফিৰাই পায়। এই মনোভাৰৰ প্ৰকাশ কবিৰ গীতাঞ্জলিত প্ৰকাশিত হৈছে।

 ইয়াতে এটা কথা মনকৰিব লগীয়া। ভাৰতীয় বৈদান্তিক সাধনাত জীৱনৰ দুখ শোকৰ পৰা মুক্ত হবলৈ সংসাৰ ত্যাগ কৰি সন্ন্যাস অৱলম্বন কৰা আৰু যোগ সাধনাৰ দ্বাৰা বাহ প্ৰকৃতিৰ পৰা মনক ফিৰাই আনি অন্তৰাঝাৰ উপলব্ধি কৰাৰ কথা আছে। এই সাধনাত বিশ্ব প্ৰকৃতিৰ পৰম অস্তিত্ব অস্বীকাৰ কৰা হয়। ৰবীন্দ্ৰনাথৰ সংসাৰ বিৰাগী মনে কিন্তু সমাজৰ মায়া ত্যাগ কৰিলেও বিশ্ব প্ৰকৃতিৰ মায়া কেতিয়াও ত্যাগ কৰিব নোৱাৰে—বিশ্ব প্ৰকৃতিৰ ঐক্যতানৰ বাহিৰে আৰু একোৰে অস্তিত্ব কবিয়ে নেমানে; হৃদয়ৰ সমস্ত আদ ঢালি দি প্ৰকৃতিক ভাল পায়।