এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰবীন্দ্ৰ প্ৰতিভা
১৫
এ দুৰ্ভাগা দেশ হতে হে মঙ্গলময়
দূৰ কৰে দাও তুমি সৰ্ব তুচ্ছ ভয়
লোভয়, ৰাজভয়, মৃত্যু ভয় আৰ...
...ধূলি তলে
এই নিত্য অবনতি—দণ্ডে পলে পলে
এই আত্ম অৱমান, অন্তৰে বাহিৰে
এই দাসত্বেৰ ৰজু......
এই বৃহৎ লজ্জা ৰাশি চৰণ আঘাতে
চূৰ্ণ কৰি দূৰ কৰে।
আকৌ
দিন আগত ঐ, ভাৰত তবু কৈ
নিশ্চল নিবীৰ্য বাহু কৰ্ম কীৰ্তি হীনে
ব্যৰ্থ শক্তি নিৰানন্দ জীৱন-ধনদীনে
প্ৰাণ দাও, প্ৰাণ দাও, দাও দাও প্ৰাণ হে
গত গৌৰব হৃত আসন নতমস্তক লাজে
গ্লানি তাৰ মোচন কৰ, নৰ সমাজ মাঝে
স্থান দাও, স্থান দাও দাও দাও স্থান হে।
কবিয়ে নিজৰ দেশবাসীৰ পৰা অতি অনাদৰ, অসম্মান, নিন্দাবাণী পাইছে, তাত কবিৰ পৰশ কাতৰ মনে অতি আঘাত পাইছিল। তাৰ উপৰিও ব্যক্তিগত জীৱনত একেলগে পুত্ৰ কন্যা আৰু পত্নী বিয়োগৰ বজ্ৰাঘাত কবিয়ে পাব লগা হৈছিল। দেশবাসীৰ নিন্দাবাণীৰ কথা কবিয়ে নিজে কৈছে—