সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৪
ৰবীন্দ্ৰ প্ৰতিভা
 

প্ৰিয়া মানস সুন্দৰী আহি সান্ত্বনাৰ পৰশ কবিৰ ললাটত বুলাই যায়।

............. জানালায়
একেলা বসিয়া যবে আঁধাৰ সন্ধ্যায়
মুখে হাত দিয়া মাতৃহীন বালকেৰ মতো
বহুক্ষণ কঁদি, মেহ আলোকেৰ তৰে
ইচ্ছা কৰি নিশাৰ আঁধাৰ স্ৰোতে
মুছে ফেলে দিয়ে যায় সৃষ্টি পট হতে
এই ক্ষীণ অৰ্থহীন অস্তিত্বেৰ ৰেখা,
তখন কৰুণাময়ী দাও তুমি দেখা
তাৰকা আলোক আলা স্তব্ধ ৰজনীৰ
প্ৰান্ত হতে নিঃশব্দে আসিয়া....

শুভ্ৰ হস্ত খানি


ললাটে বুলায়ে দাও, নাকহিয়া বাণী
সান্ত্বনা ভৰিয়া প্ৰাণে কবিৰে তোমাৰ
ঘুম পাড়াইয়া দিয়া কখন আবাৰ
চলে যাও নিঃশব্দ চৰণে।”

 বিশ্বপ্ৰাণৰ বিৰাট প্ৰকাশৰ সম্ভাৱনা কবিয়ে ভাৰতবৰ্ষৰ বুকুত দেখিছিল। কিন্তু সেই সময়ৰ ভাৰতৰ জন জীৱন আত্ম- বিস্মৃত, গত গৌৰব, নতমস্তক, নিৰ্ব্বীৰ্য, প্ৰাণহীন, পঙ্গু, পদানত আত্মমৰ্যাদাহীন। সেই বোৰ দূৰ কৰি দিবলৈ মঙ্গল- ময়ৰ ওচৰত কবিয়ে প্ৰাৰ্থনা কৰিছে।