এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰবীন্দ্ৰ প্ৰতিভা
৯
তেখেতৰ চিত্ত আছিল বিশেষকৈ প্ৰাৰ্থনাময় আৰু সহানুভূতিময়। সমাজৰ, দেশৰ, ব্যক্তি জীৱনৰ মুক্তি আৰু মহত্ত্বৰ অৰ্থে বা অন্যায় অমঙ্গলৰ দূৰীকৰণাৰ্থে তেখেতে অসীমৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সেয়ে তেখেতৰ ঋষিত্বত কৰ্ম প্ৰেৰণাৰ বা কৰ্মযোগিত্বৰ কিছু অভাৱ, যিটো বিশেষভাবে আমি পাওঁ মহাত্মা গান্ধীৰ সাধনাত।
(অসম বাগ্নীত প্ৰকাশিত)