ৰবীন্দ্ৰ প্ৰতিভা
Whose dwelling is the
light of setting suns,
And the round ocean
and the living air,
And the blue sky, and
in the mind of men."
যৌৱন কালত এই পাশ্চাত্য প্ৰভাৱৰ ফলত তেখেতৰ কাব্য প্ৰতিভাই ৰোমাণ্টিক ৰূপ ল'লে। পাশ্চাত্য গীতি কবিতাৰ ধৰণে তেখেতে বিশেষকৈ মধ্য বয়সলৈকে গীতি কবিতাৰ যোগেদিয়েই নিজৰ প্ৰতিভা প্ৰকাশ কৰিছিল। কিন্তু আনফালে সেই সময়ত তেখেতে জমিদাৰী চলাবলগীয়া হোৱাত ভাৰতৰ গ্ৰাম্য জীৱন যাত্ৰাৰ লগত নিবিড়ভাবে পৰিচিত হ’বৰ সুবিধা পায়। গাৱলীয়া জীৱনৰ বাউল, ভাটীয়ালি আদি গানৰ কথা আৰু সুৰে তেখেতৰ ব্ৰহ্মবাদী, অসীমৰ প্ৰয়াসী মনক বিশেষ ভাৱে সঙ্গ দিছিল। তেখেতৰ অতীন্দ্ৰিয় উপলব্ধিৰ প্ৰকাশ থকা গানবোৰ বেছি ভাগেই বাউল সুৰত বা বাউল আৰু কীৰ্ত্তনৰ মিশ্ৰসুৰত গোৱা।
অসীমৰ প্ৰতি যি আকুতি তাৰ বাস্তৱ ভিত্তি আছিল
“সীমাহীন আকাশৰ” আকৰ্ষণ। যি গান আৰু কবিতাত
তেখেতে নিজৰ গভীৰ প্ৰাণৰ বেদনা প্ৰকাশ কৰিছে তাত
আকাশৰ কথা, বা তুলনা বা ৰূপক আছে। তেখেতৰ মনৰ
মুক্তিৰ বাস্তৱ অৱকাশ দিছিল এই আকাশেই বিশেষকৈ উষাৰ,
সন্ধ্যাৰ আৰু ৰাতিৰ আকাশে।