সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰবীন্দ্ৰ প্ৰতিভা
 

চিত্তবৃত্তিৰ অসাধাৰণত্বৰ এটা তাৎপৰ্যপূৰ্ণ দৃষ্টান্ত। তেখেতৰ ধ্যানী ৰূপ এই সুৰ্য বন্দনা আৰু ব্ৰহ্মোপসনাৰ অভ্যাসৰ পৰাই বিশেষভাৱে পুষ্ট হৈছিল।

ব্ৰহ্মসঙ্গীতৰ উদাত্ত সুৰ আৰু তাৰ ধ্ৰুপদী ধৰণে তেখেতৰ সঙ্গীত সাধনাক বিশেষ ভাৱে অনুপ্ৰাণিত কৰে। বাল্যকালৰ এই প্ৰভাৱৰ ফলতে তেখেতৰ ৰচিত দুহেজাৰৰৰ অধিক গানৰ ভিতৰত ব্ৰহ্ম সঙ্গীত বোৰেই শ্ৰেষ্ঠ সৃষ্টি হৈ উঠিছে। অতি কম বয়সতে যি ব্ৰহ্মসঙ্গীতটো তেখেতে ৰচনা কৰিছিল সেইটোৰ প্ৰথম সাৰি হল “নয়ন তোমাৰে পায়না দেখিতে বয়েছ নয়নে নয়নে।” এই গান শুনি মহৰ্ষি দেবেন্দ্ৰনাথে তেখেতক ৫০০ টকা পুৰস্কাৰ দিয়ে। এই সাৰি কথাৰ মূল ভাৱটো তেখেতৰ পূৰঠ বয়সৰ বহু গান আৰু কবিতাতো পোৱা যায়। যেনে “হিয়াৰ মাঝে লুকিয়েছিলে দেখতে আমি পাই নি, বাহিৰ পানে চোখ মেলেছি হৃদয় পানে চাইনি” বলাকা কাব্যৰ ছবি’ কবিতাত “নয়ন সম্মুখে তুমি নাই নয়নেৰ মাঝখানে নিয়েছ যে ঠাই। আজি তাই শ্যামলে শ্যামল তুমি নীলিমায় নীল” ইত্যাদি। ব্ৰহ্মসঙ্গীতৰ উপৰিও ঠাকুৰ পৰিয়ালত নানা বিখ্যাত ওস্তাদে গোৱা হিন্দুস্থানী ৰাগ সঙ্গীতৰ আসৰ বহিছিল। ওস্তাদৰ পৰা তেখেতে ৰাগ সঙ্গীতৰ শিক্ষা লৈছিল। ককায়েক জ্যোতিৰিন্দ্ৰনাথ সঙ্গীতত নিপুন আছিল। ককায়েকে পিয়ানোত সুৰ তোলে আৰু ৰবীন্দ্ৰনাথে সেই সুৰৰ লগত কথা বহুৱাই যায়।

এটা কথা লক্ষণীয় যে তেখেতৰ বাল্যকালত পৰিবেশৰ