সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 

॥ ৰবীন্দ্ৰ প্ৰতিভা ॥

 ভাৰতৰ পৰাধীনতাৰ অৱস্থাত যি সময়ত ভাৰতৰ জন সাধাৰণ আত্মবিস্মৃত, সকলো প্ৰকাৰে পঙ্গু আৰু নিষ্পেষিত সেই সময়তে ৰবীন্দ্ৰনাথৰ নিচিনা বিৰাট প্ৰতিভাৰ বিকাশ ভাৰতীয় সংস্কৃতি সাধনাৰ এক বিৰাট বিস্ময়। ভাৰতৰ কাব্য ইতিহাসত অতীজৰ পৰা আজিলৈকে ৰবীন্দ্ৰ কাব্য-প্ৰতিভাৰ সমকক্ষ প্ৰতিভা একমাত্ৰ কালিদাসৰহে দেখা যায়। এই প্ৰতিভা উৎস কি?

 ৰবীন্দ্ৰ কাব্যৰ মুল ভেটি তেখেতৰ এক বিৰাট আৰু ৰু সমঞ্জস বিশ্বদৃষ্টি আৰু জীৱন দৰ্শন। তেখেতৰ প্ৰত্যেক সৃষ্টি পটভূমিতেই এই দৃষ্টিৰ আলোক পৰিছে। এনে এটা বিশ্বদৃষ্টি থকা বাবেই তেখেতক কেৱল কবি বুলিলেই ঠিক নহয়, তেখেতক দেশবাসীয়ে ঋষিত্ব আৰোপ কৰিছে। যি বিলাক কেৱল কৰি তেওঁলোকে ৰসজ্ঞজনৰ মনোৰঞ্জনৰ অৰ্থে অৰ্থ আৰু যশোলাভাৰ্থে নিজৰ প্ৰতিভা খটুৱায়; ৰস সৃষ্টিয়েই তেনে কবিৰ লক্ষ্য। ৰবীন্দ্ৰনাথৰ সাধনা কেৱল ৰস সৃষ্টিয়েই নাছিল, তাৰ উপৰিও তেখেতে বিচাৰিছিল জীৱনৰ গভীৰ উপলব্ধি প্ৰকাশ স্বতঃস্ফুৰ্তভাৱে। কিন্তু কালিদাস, ভৱভূতি আদিয়ে ৰস সৃষ্টিকেই নিজৰ মুখ্য সাধনা হিচাবে লৈছিল। এই কাৰণে ৰবীন্দ্ৰনাথৰ বহু লিখা উপনিষদবোৰৰ বাণীৰ নিচিনা। তেখেতক ঋষি বুলি অভিহিত কৰাৰ এইটোৱেই মূল কাৰণ।

 জীৱনৰ উপলব্ধিৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথ দাৰ্শনিক দৃষ্টিসম্পন্ন