সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰবীন্দ্ৰ প্ৰতিভা ১২৭ ‘অসীম নিঃশব্দ নীলিমা’ৰ যি অজ্ঞাত তাৰা এইবোৰৰ মিলিত ঐক্যতানত যোগ দিয়াৰ অধিকাৰ লাভ কৰি প্ৰাণৰ বিপুল সম্মানত কবিয়ে ধন্য মানিছে। বিভিন্ন দেশত কবিয়ে ভ্ৰমণ কৰিছে, দেশে দেশে বন্ধু লাভ কৰিছে, আত্মাৰ আনন্দ ক্ষেত্ৰত অচিনা বন্ধুৰ আত্মীয়তাৰ অভ্যৰ্থনা লাভ কৰিছে। উদাহৰণ স্বৰূপে চীন দেশৰ কথা কবিয়ে কৈছে— “একদা গিয়েছি চীন দেশে, অচেনা যাহা ললাটে দিয়েছে চিহ্ন তুমি আমাদেৰ চেনা বলে, খসে পড়ে গিয়েছিল কখন পৰেৰ ছদ্মবেশ দেখা দিয়েছিল তাই অন্তৰেৰ নিত্য যে মানুষ অভাৱিত পৰিচয়ে আনন্দেৰ বাঁধ দিল খুলে।” বিশ্বমানৱতাৰ লগত কবিৰ পৰিচয় আৰু আত্মীয়তা সংস্কৃতি সাধনাৰ ভিতৰেদি, ‘গীত ভাৰতীৰ ভিতৰে’দি, ‘পূৰ্ব্ব পশ্চিমেৰ নানা গীত স্ৰোতজাল’ৰ ভিতৰেদি। কিন্তু মানৱ ইতিহাসত ইমান দিনে সংস্কৃতি সাধনাৰ সুবিধা আৰু অধিকাৰ সমাজৰ উচ্চ শ্ৰেণীৰ ভিতৰতে সীমাৱদ্ধ হৈ আহিছে। সৰ্বসাধাৰণ যি শ্ৰমকাৰী মানুহ, সেই সকলে উচ্চ সাংস্কৃতিক জীৱনৰ মৰ্য্যদা লাভৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। ৰাচিয়াৰ চিঠি”ত ৰবীন্দ্ৰ-