সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰবীন্দ্ৰ প্ৰতিভা পঙ্কেৰ মধ্যে সেই দুঃখৰ সময়ত কবিচিত্তই ধৃতি লাভ কৰিছিল মানৱ ইতিহাসৰ মহাপুৰুষ সকলৰ জীৱন কাহিনীৰ কথা সুৱৰি। “ৰেখে যাই আমাৰ প্ৰণাম তাদেৰ উদ্দেশ্যে যাৰা জীৱনেৰ আলো ফেলেছেন পলে যাহা বাৰে বাৰে সংশয় ঘুচালো’; আৰু জীৱনৰ প্ৰকৃত স্থিতিৰ এই বাণীয়েই কবিয়ে উত্তৰ-সাধক সকলৰ প্ৰতি দিছে— “নানা দুঃখে চিত্তেৰ বিক্ষেপে যাহাদেৰ জীবনেৰ ভিত্তি যায় বাৰংবাৰ কেঁপে, তাৰা শোননা আপনাৰে ভুলনা কখনো। মৃত্যুঞ্জয় যাহাদেৰ প্ৰাণ সব তুচ্চতাৰ মাঝে দীপ যাৰা জ্বালে অনিৰ্বাণ, তাহাদেৰ মাঝে যেন হয় তোমাদেৰ নিত্য পৰিচয়।” নিয়ত সাধনা আৰু অশিথিল অধ্যৱসায়ৰ ভিতৰেদি জীৱনৰ প্ৰতিটো মুহূৰ্ত পৰম দুঃখৰ বিনিময়ত জয় কৰি কবিয়ে পাৰ্থিব জীৱনত ভূমাৰ উপলব্ধিৰ পৰম আনন্দ লাভ কৰিছিল। সেয়ে কৱিৰ মনত এই পৃথিৱী সাবিত্ৰী পৃথিবী। সেই পৃথিৱীৰ বিশাল বিশ্বৰ আয়োজনত অমৃত লোকৰ যি সুৰ লহৰী খেলা কৰে—“দুৰ্গম তুষাৰ গিৰি’ ‘মহাপ্লাৱী প্ৰচণ্ড নিঝ। প্ৰকৃতিৰ বুকত