ৰবীন্দ্ৰ প্ৰতিভা ১২৫ সংসাৰৰ চাৰি ফালে ভাগ্যৰ চক্ৰান্তৰ কি খেলা চলিছে তাৰ বিষয়ে মনত কোনো ভাৱনা বা প্ৰশ্ন নাই। এইদৰেই কবি জীৱন সৰুৰেপৰা বাস্তৱৰ সীমাৱদ্ধ চিন্তা ভাৱনা আদিৰপৰা মুক্ত হৈ নিখিলৰ লগত, দেশকালৰ বিৰাট ব্যাপিৰ লগত মিল হৈ যাব পাৰিলে। আৰু তাৰ উপৰিও যৌৱন কাল ৰু পৌঢ় বয়সত কবি-জীৱনত পদ্মা নদীৰ প্ৰভাৱে দূৰত্বৰ আকৰ্ষণে কবি চিত্তক সদায় ব্যাকুল আৰু উম্মনা কৰি ৰাখিলে। কবি-জীৱনেই নদীৰ প্ৰকৃতি পালে অৰ্থাৎ স্থিতিহীন বন্ধন মুক্ত গতি, নানা দেশ দেশান্তৰৰ বিচৰণ ইত্যাদি—“নদীৰ পালিত এই জীৱন আমাৰ—যে নদী বিশ্বেৰ দূতী দূৰকে নিকটে আনে—চিৰদিন তাৰ স্ৰোতে বাঁধন বাহিৰে মোৰ চলমান বাসা ভেসে চলে তীৰ হতে তীৰে। আমি ব্ৰাত্য, আমি পথচাৰী।” সেই জীৱন-নদীৰ পূৰ্ব্ব পশ্চিমে নানা গীত স্ৰোত জালে ঘেৰা তাৰ স্বপ্ন আবৰণ।” সমাজৰ বিধি বিধানৰ বন্ধনৰ বাহিৰত ব্ৰাত্য হৈ থাকি জীৱন অতিবাহিত কৰিব লগীয়া হোৱাৰ দাৰুণ মৰ্মদাহী দুখ ৰবীন্দ্ৰনাথে বিশেষকৈ মধ্য বয়সত পাবলগীয়া হৈছিল। তাৰ ফলত মন ভৰি উঠিছিল গ্লানিত, সাধনাত আহিছিল নৈৰাশ। সেই কথাকেই কবিয়ে বহুদিন আগতে লিখা “পচিশে বৈশাখ” নামক কবিতাত কৈছে “পয়ে বিধেছে কাটা বক্ষে ঝড়েছে ৰক্তধাৰা নিৰ্মম কঠোৰতা মেৰেছে ঢেউ আমাৰ নৌকাৰ দাইনে বায়ে; জীৱনেৰ পণ্যকে চেয়েছে ডুবিয়ে দিতে নিন্দাৰ তলায়
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১৪৫
অৱয়ব