॥ ৰবীন্দ্ৰনাথৰ জন্মদিনে। ৰবীন্দ্ৰনাথৰ জন্মদিনে কবিতাগ্ৰন্থ ২৯টা খণ্ড কবিতাৰ সমষ্টি। এই গ্ৰন্থ তেখেতৰ জীৱন কালৰ শেষ জন্মদিন ( একাশীতম জয়ন্তী উপলক্ষে প্ৰকাশিত। সেই বছৰৰে ১৯৪১ চনৰ ৭ আগষ্ট (২১ শাওণ) তাৰিখে তেখেতৰ দেহান্তৰ ঘটে। এইবোৰ কবিতা লিখাৰ কেইমাহমানৰ আগতে তেখেতে কঠিন পীড়াগ্ৰস্ত হৈ মৃত্যুৰ সন্মুখীন হৈছিল আৰু সেই সময়ৰ মানসিক অৱস্থাৰ কথা ‘ৰোগশয্যায়’ আৰু আৰোগ্য’ কৱিতা পুথিত প্ৰকাশিত হৈছে। মৃত্যুৰ মুখামুখি হৈ আৰোগ্য লাভ কৰাৰ পাচত ৰবীন্দ্ৰনাথে স্পষ্টভাৱে অনুভৱ কৰিছিল যে আৰু বেছি দিন জীয়াই থকাৰ সম্ভাৱনা তেখেতৰ নাই। সেয়ে তেখেতে উক্ত জন্মদিনক আসন্ন মৃত্যু দিনৰ আলোক উপলব্ধি কৰিছে। আৰু এই উপলব্ধিৰ মাজেদি তেখেতৰ জীৱন দৃষ্টি অতি সুগভীৰ আৰু সংহতভাৱে চেতনাৰ মৰ্ম্মস্থলীৰপৰা স্বতঃ- স্ফুৰ্তভাৱে ওলাই আহিছে। এইটোৱেই হৈছে “জন্মদিনে কবিতাসমূহৰ বৈশিষ্ট্য। এইবোৰক ঠিক কৱিতা বুলিব নোৱাৰি, কাৰণ ইয়াত ৰূপসৃষ্টিৰ, প্ৰয়াস কবিয়ে কৰা নাই বুলিবই পাৰি। গভীৰ জীৱন দৃষ্টিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ হিছাপে এইবোৰে মন্ত্ৰ ৰূপ লাভ কৰিছে। ডঃ অমিয় চক্ৰৱৰ্ত্তীৰ ভাষাত এইবোৰ কবিতা কবিতাৰ চেয়ে বেশি। আসন্ন মৃত্যুৰ ভাবনাই এইবোৰ কৱিতাক ঠিক বেদনাময় কৰি তোলা নাই; বৰং "
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১৩৭
অৱয়ব