॥ ৰবীন্দ্ৰনাথৰ নাট্য ৰীতি। ৰবীন্দ্ৰ নাথৰ নাট্য ৰীতিৰ কথা আলচ কৰাত এটা কথা মনত ৰাখিব লাগিব যে তেখেতৰ জীৱন দৃষ্টি মুলতঃ কব্যিক, নাটকীয় নহয়। সেই কাৰণে তেখেতে লিখা নাটকবোৰত ভাৰৰ আৰু অনুভূতিৰ মূচ্ছনাই প্ৰধান; জীৱনৰ দ্বন্দ-সংঘৰ্ষ, তাৰ বস্তু নিম্ম আদিৰ অৰ্থাৎ ইংৰাজীত যাক কোৱা হয় action বা ঘটনা তাৰ স্থান গৌণ। ৰবীন্দ্ৰনাথৰ নাটক বোৰক সাধাৰণতে চাৰি ভাগত ভগাব পাৰি। যেনে-গীতিনাট্য, কাব্যনাট্য, নাট্য-কাব্য আৰু ৰূপক নাট্য। এই গোটেই কেই শ্ৰেণীৰ নাটকৰে সাধাৰণ লক্ষ্য হৈছে এই যে কলোবোৰেই ভাবৰ নাটক, ঘটনাৰ নাটক নহয়। ইংৰাজী সমালোচক মিঃ টমছনৰ মতে “His dramatic work is the vehicle of ideas, rather than the expression of action” নাটকৰ ভিতৰেদি ৰূপায়িত হোৱা ভাৱবোেৰ তাৰ ঘটনাৰ আৱেষ্টনীৰ ভিতৰেদি জন্মলাভ কৰি পৰিণতি লাভ কৰে, অৱশ্যে ৰূপক-নাট্য বোৰৰ কথা সুকীয়া। ৰূপক নাট্য বোৰত জীৱন বা জগত-সম্বন্ধে কোনো এটা বিশেষ ভাৱক নাটকীয় ৰূপত প্ৰতিফলিত কৰা হৈছে। গতিকে তাৰ চৰিত্ৰবোৰ কোনো ব্যক্তিগত সামাজিক জীৱ নহয়, একোটা একোটা বিশেষ ভাৱ বা আদৰ্শৰ ৰূপায়ণ মাত্ৰ। কিন্তু বাকী নাটকবোৰৰ চৰিত্ৰ- বোৰ তেনে ভাৱ সৰ্বস্ব মাত্ৰ নহয়, সেইবোৰ বাস্তৱ পৰিস্থিতিৰ মাজত গঢ়ি উঠা বাস্তৱ-মানুহ। কিন্তু সেই চৰিত্ৰবোৰৰ
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১৩১
অৱয়ব