ৰবীন্দ্ৰ প্ৰতিভা ? oO বিচাৰে তাৰ প্ৰতিকাৰ, বিচাৰে নিজৰ ব্যক্তিত্ব প্ৰতিষ্ঠা আৰু সামাজিক স্বীকৃতি; তাৰেই কল্পনা কৰে উৎপীড়িত নাৰীয়ে উজাগৰ ৰাতি বিছনাত ছটফটাই থাকি। এই অনুভূতিকেই ৰবীন্দ্ৰনাথে নানা ভাৱে তেখেতৰ কাব্যত ৰূপ দিছে। কালিদাসৰ কাব্যত ৰামৰ দ্বাৰা বিনা কাৰণে নিৰ্বাসিতা হোৱা সীতাই পৰজন্মত আকৌ সেই ৰামকে স্বামীৰূপে পাবলৈ তপস্যা কৰে। “সাহং তপঃ সূৰ্য্য নিবিষ্ট দৃষ্টি ৰু প্ৰসুতে শ্চৰিতুং যতি ভুয়ো যথামে জননান্তৰেছপি ত্বমেব ভৰ্তা ন চ বিপ্ৰযোগ।” শকুন্তলাক যেতিয়া স্বামী দুষ্মন্তই অতি নীচ ভাবে প্ৰত্যাখান কৰে তেতিয়া সেই দুষ্মন্তৰে দাসীবৃত্তি কৰি থাকিবলৈ সাঙ্গৰৱে শকুন্তলাক উপদেশ দিয়ে কাৰণ সেয়ে সাধ্বী ভাৰতীয়া নাৰীৰ আদৰ্শ। যদি যথা বদতি ক্ষিতিশুয়া ত্বমসি পুনৰুকুলয়া ত্বয়া। অথ তু বেসি শুচিব্ৰতমাত্মনঃ পতিগৃহে তব দাস্যমপি ক্ষমাম। —অভিজ্ঞান শকুন্তলম্ কিন্তু স্বামী পৰিত্যক্তা মালতীৰ সেই আদৰ্শ নহয়, আদৰ্শ হৈছে সামাজিক আত্ম প্ৰতিষ্ঠাৰ নাৰী হিচাবে মানব সমাজত
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১২৯
অৱয়ব