ৰবীন্দ্ৰ প্ৰতি দুৰ্জয় আশ্বাসে দুৰ্গমেৰ দুৰ্গ হতে সাধনাৰ ধন কেন নাহি কৰি আহৰণ প্ৰাণ কৰি পণ।” “যাবনা বাসৰ কক্ষে বধু হয়ে বাজায়ে কিঙ্কিনী আমাৰে প্ৰেমেৰ গৰ্বে কৰো অশঙ্কিনী” “হে বিধাতা, আমাৰে ৰেখে না বাক্য হীনা ৰক্তে মোৰ জাগে ৰুদ্ৰ বীণা। উত্তৰিয়া জীৱনৰ সৰ্বোন্নত মুহূৰ্তেৰ পৰে জীৱনেৰ সৰ্বোত্তম বাণী যেন ঝৰে কণ্ঠ হতে নিৰ্ধাৰিত স্ৰোতে।” সমাজৰ অৱহেলাত পুৰুষৰ অসম্মানত কেৱল ভোগৰ সামগ্ৰী ৰূপা নাৰীয়ে নিজৰ অন্তৰৰ, নিজৰ ব্যক্তিত্বৰ সকলো গৰ্ব আৰু মৰ্য্যদাবোধ হেৰুৱাই পেলায়, মহৎ উদাৰ মানবীয় জীৱনটোৰ পৰা বঞ্চিত হৈ পুৰুষৰ হাতৰ পুতলা হিচাবে, ভোগৰ আহিলা হিচাবে নিজকে সজাই তোলে। এয়ে নাৰীত্বৰ চৰম আত্ম বিষ্মৰণ। সেই নাৰীয়ে যেতিয়া হঠাৎ কোনো পুৰুষৰ অন্তৰৰ শ্ৰদ্ধা আৰু সম্মান পায় কেৱল ৰূপৰ তোষামোদৰ পৰিবৰ্ত্তে মানবীয় অন্তৰৰ মৰ্য্যদা পায় তেন্তে সেই নাৰীৰ মহত্ত্ব বোধ আৰু আত্মমৰ্যদাবোধ জাগি উঠে। এই ভাবকে কবিয়ে “পতিতা” কবিতাত প্ৰকাশ কৰিছে—ঋশ্য শৃঙ্গ মুনিয়ে যেতিয়া বাৰাঙ্গনাক এইদৰে সম্বোধন কৰিলে—
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১১৬
অৱয়ব