সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰবীন্দ্ৰ প্ৰতিভা মূলক আৰু সুৰেও তাকেই হে বৰং বেচি ঘণীভূত কৰে। ভাৱৰ | সাধাৰণীকৰণ যদি কথা প্ৰকাশ নাপায় আৰু সুৰৰ বিশালতাই যদি সেই ব্যক্তি-কেন্দ্ৰিক আবেগৰ সীমাৱদ্ধতা দূৰ কৰি ব্যক্তি হৃদয়ক বিশ্ব-হৃদয় বা জন-হৃদয়ৰ লগত মিলাব নোৱাৰে তেন্তে সেই সঙ্গীতৰ আবেদন অতি সঙ্কীৰ্ণ হৈ থাকে। তাত অন্তৰে মুক্তি পায়। অন্তৰৰ মুক্তিয়েহে মানুহক বিমল আনন্দ দিব পাৰে। আৰু তাকে কৰিব পৰাটোত হে আট বা কলাৰ সাৰ্থকতা। বহু আধুনিক গানেই এই সীমাৱদ্ধতাৰ দোষত দুষ্ট। ভাৱৰ মুক্তি হ’ব লাগে সুৰত, আৰু সুৰৰ নৈৰ্ব্যক্তিক মুক্তি হয় ভাৰতীয় ৰাগসঙ্গীতৰ তান আৰু লয় সমূহৰ ভিতৰেদি আৰু ভজন আৰু বৈৰাগী গানৰ ঢঙৰ ভিতৰেদি। কেৱল লৌকিক ভাৱৰ লৌকিক সুৰতত (যেনে বনগীত বিহুগীত আদি) সেই মুক্তি নাথাকে। এই কাৰণতেই আকৌ অন্য এক ফালৰ পৰা চালে ৰবীন্দ্ৰ সঙ্গীতত এটা সীমাৱদ্ধতা দেখা যায়। তেখেতৰ গানৰ মুক্তি হৈছে ব্যক্তি হৃদয়ৰ পৰা বিশ্ব-হৃদয়লৈ; এই গানে সুৰৰ আৰু ভাষাৰ মহত্ত্বৰ ভিতৰেদি অন্তৰৰ একান্ত ব্যক্তিগত গোপন অনুভূতি সমূহক পোনপতীয়াভাৱে প্ৰকৃতিৰ ব্যাপ্তি আৰু অসীমতাৰ লগত মিলাই দি হৃদয়ক বিশ্ব সচেতন কৰি তুলিব পাৰে। কিন্তু সেই পৰিব্যাপ্ত চেতনাত বহুত সময়ত জনসমাজৰ মূহিকতাৰ ছাপ নাথাকেই। জাতি আৰু জনসাধাৰণৰ কলৰব মুখৰ সংঘাতময় সামূহিক কৰ্মসাধনাৰ দ্যোতনা সেই বোৰত