ৰবীন্দ্ৰ প্ৰতিভা গতিকে খেয়াল গানৰ হে মজলিচত বেচি আদৰ; ধ্ৰুপদ গানে সিমান আদৰ নাপায়। ৰবীন্দ্ৰনাথে গানৰ বাহিক অলঙ্কাৰ আৰু তালৰ চমৎকাৰিত্বক পৰোক্ষ কৰি তাৰ ভাৱসম্পদকহে প্ৰধান কৰি দেখিছিল আৰু হৃদয়ৰ প্ৰতি সুৰৰ সেই অনিৰ্বচনীয় আবেগৰ আবেদনক মুখৰিত কৰিবলৈ ছন্দোময় আৰু কাব্যময় ভাষাৰ ভিতৰেদি তাক ৰূপ দিছিল। এই বিষয়ত তেখেতৰ সমদক্ষ সঙ্গীত ৰচয়িতা মানৱ ইতিহাসতেই অতি বিৰল। অৱশ্যে বৈষ্ণৱ কবি সকলৰ ক্ষেত্ৰত ইয়াৰ অনুৰূপ দৃষ্টান্ত মিলে। আমাৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰগীত ভটিমা আদিত এনে ধৰণৰ সুৰ, তাল আৰু ভাষাৰ অভিনৱ চিত্ত মনোহাৰী সমাবেশ দেখা যায়। বিশেষকৈ উল্লেখযোেগ্য “শুন শুনৰে সুৰবৈৰী প্ৰমানা”, “জয় জয় যাদৱ’, ‘পাৱে পৰি হৰি' ইত্যাদি। কিন্তু বৈষ্ণৱ সন্ত কৰি সকলে কেৱল ভগভক্তিৰ আবেদনকহে সঙ্গীতত ৰূপায়িত কৰি গৈছে। মানৱহৃদয়ৰ অন্যান্য অনুভূতিক তাত স্থান দিয়া নাই। ৰবীন্দ্ৰনাথে প্ৰায় সকলো ধৰণৰ মানবীয় হৃদয়াবেগকে সাঙ্গীতিক ৰূপ দি গৈছে। কিন্তু আগতেই কোৱা হৈছে যে বিশুদ্ধ ৰাগ ৰাগিণীবোৰৰ আবেদন নৈব্যক্তিক আৰু নৈসগিক। এইবোৰে নিজস্ব ৰূপত ব্যক্তিগত ঐহিক হৃদয়াবেগক সঠিক ৰূপ দিবলৈ অক্ষম। ৰবীন্দ্ৰনাথে সেইবোৰ ৰাগৰাগিণীৰ নানা ভাৱে সংমিশ্ৰন কৰি, সুৰৰ বাদী বিবাদীৰ বিচাৰ নাৰাখি ভাবৰ উত্থান পতনৰ অনুকুলে সুৰ যোগ কৰি গানক ৰূপ দিছে। আকৌ যি ভাৱ
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১০৪
অৱয়ব