লিখকৰ আগ কথা ৷ ইয়াত প্ৰকাশ হোৱা কবিতাবিলাকৰ ভালেখিনি "জোনাকী", “বিজুলী”, “বাহী” আৰু “আলোচনা”ৰ পাঠকসকলৰ আগৰে পৰা চিনাকি। এতিয৷ তাৰ লগতে আৰু গোটাদিকে লিখি, একেলগে ছপাই থ'লোঁ । একেৰাহে ঘিউ মৌৱেও আমুৱায, সেই দেখি, দুটি দুটি পাতল কবিতাৰ মাজত, একোটি গধূৰ কবিত৷ সুমাই দিলোঁ । কোনো কোনো কবিতাত দুটা এটা ই ৰাজী শব্দ সোমাইছে। ই’ৰাজা নজন। মানুহে বুজিবৰ কাৰণে, তলত তাৰ যথাসাধ্য উচ্চাৰণ আৰু ভাঙ্গনিও দিয়া হৈছে । কেতিয়াব' এখন্ত্রক মেলি চালে, মন ভাল লগাব পাৰিব বুলি আশা কৰি, এই কিতাপৰ নাম “ৰঞ্জন” থোৱা হ'ল । “ৰঞ্জনে” পাঠক পাঠিকাসকলৰ এধানমানে৷ মনোৰঞ্জন কৰিব পাৰিলে, মই কৃতাৰ্থ হ'ম । মোৰ ভ্ৰাতৃতুল্য মৰমৰ বন্ধু শ্ৰীমান অম্বিকানাথ বৰাই এই কিতাপ ছপোৱাত বহুত বুধি-ভাগ দি আৰু যত্ন কৰি মোক সাহায্য কৰিছে। সেই বাবে তেওঁৰ নথৈ শলাগ লৈছো । ২৭ মার্চ, ১৯২৭। শ্ৰীচন্দ্ৰধৰ বৰুৱা ।
পৃষ্ঠা:ৰঞ্জন.djvu/৫
অৱয়ব