সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত দেখিছোঁ। কি জানি সেই সময় গুণাভিৰাম বৰুৱাক লগ পোৱা হলে তেওঁ ভালকৈ কেই কেআষাৰমান কথা শুনাই দিলেহেঁতেন।” হেমচন্দ্ৰ বৰুৱাই আখৰৰ অভাব হলে সেই ছাপাখানাত কোনো টাইপ বা আখৰ থকা প্ৰৱন্ধ আসাম নিউচত কৰাতকৈ অন্য ৱ ৰ ঠাইত ব ) ছপা কৰিবলৈ স্থগিত ৰাখিছিল। এটা আখৰৰ সলনি কলিকতাৰ পৰা মগাই আনি অযথা পলম এটি আখৰ ( যেনে ৰ ৰ ঠাইত ৰ বা ড়; ব্যৱহাৰ কৰিবলৈ প্ৰেছৰ গৰাকীসকলে দিহা দিলেও হেমচন্দ্ৰ বৰুৱা মান্তি নহৈছিল। আৰু সময়ে সময়ে প্ৰেছৰ গৰাকীও সেইবাবে অসন্তুষ্ট হৈছিল। অশুদ্ধ আখৰেৰে লিখা প্ৰৱন্ধ আসাম নিউচত কদাপি প্ৰকাশ নহৈছিল। অশুদ্ধ আখৰৰ প্ৰৱন্ধ পালে বৰুৱাই আসাম নিউচত এইদৰে নিদাৰুণ সেমি- ধান দিছিল “আপোনাৰ চিঠিয়ে আমাৰ ফটা কাকতৰ পাচি- তহে ঠাই পাইছে। ” হেমচন্দ্ৰ বৰুৱা 'আসাম নিউচৰ' সম্পা- দক হৈ ৰাজনীতি আলোচনা কৰা বুলি কব নোৱাৰি৷ কিন্তু ৰাজনীতি বিষয়ক সু পৰামৰ্শ দিবলৈ উপযুক্ত স্থান পাত্ৰ ভেদে কেতিয়াও পিছ পৰা নাছিল। হেমচন্দ্ৰ বৰুৱা সাহিত্যিকহে— ৰাজনৈতিক নাছিল। আৰু বছৰ আসাম নিউচ কাকত এইদৰে প্ৰায় 018 সুকলমে চলি ১৮৮৫ খৃষ্টাব্দৰ জুলাই মাহৰ পৰা আন আলোচনী কাকতৰ যি দশা হয় সেই একে দশা হল অৰ্থাৎ কাকতৰ মৃত্যু ঘটিল। হেমচন্দ্ৰ বৰুৱাই নিজে লিখিছে যে “মই চৰকাৰী কামৰ পৰা অবসৰ পোৱাৰ পাচত ইং ১৮৮২ খৃষ্টাব্দত দেশহিতৈষী কিছুমান অসমীয়া ভদ্ৰলোকে আসাম নিউচ নামেৰে এখন ইংৰাজী অসমীয়া সাপ্তাহিক বাতৰি