সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বকৰাব জীৱন চৰিত ১১৫ নং ৮ হেমচন্দ্ৰ বিষয়ক গীত ( সুৰ মিশ্ৰ কীৰ্ত্তন ) ( শ্ৰীঘ্ৰত উমেশ চন্দ্ৰ চৌধাৰী বি-এল বিৰচিত ) চেনেহী মোৰ মাতৃ ভাষা; তুমি যে মোৰ বুকুৰ বাণী, তুমি যে মোৰ লীলাময়ী, তুমি মধু স্বপ্ন ৰাণী! বিলালা মোক ইমান বেথ্য, শিকাল৷ ইমান কথা— উল্লাসে উপচি উঠে কি আনন্দ আকুলতা! নধ্যৰ হিয়াত মোৰ জৰি পৰে চকু পানী। তুমি যে মোৰ দীপ্তিহীনা, অযত্ন মলিন। দীনা, কিহেৰে আই পূজো আজি, সম্বল মাথোঁ জীৰ্ণ বীণা! তুমি যে মোৰ সুৰময়ী প্ৰেম ধাৰা মন্দাকিনী। সমাপ্ত