সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ গোস্বামী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হেমচন্দ্ৰ গোস্বামী


সময়ৰ অপব্যৱহাৰ কৰে। গোস্বামীদেৱক ঘৰত লগ পোৱা অতি সহজ আছিল। তেওঁ মানুহৰ লগত কথা-বাৰ্ত্তা পাতি থাকোতেই বহুতো বহু মূলীয়া সময় অবাবত গৈছিল। কোনো কথাত তেওঁৰে কাৰবাৰ মতভেদ হলে, তেওঁ ধৈৰ্য্যচ্যুতি নঘটাই যুক্তিৰে বুজাইছিল।

 অসমৰ সাহিত্য আৰু বুৰঞ্জীৰ উন্নতি আৰু প্ৰচাৰৰ কাৰণে হেমচন্দ্ৰ গোস্বামীয়ে কম কাম কৰি যোৱা নাই। অসমীয়া ভাষাৰ গুৰিয়াল হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী উভয়ে নিজৰ দেশৰ অতীত গৌৰৱত বৰ গৌৰৱ বোধ কৰিছিল।

 হেমচন্দ্ৰ গোস্বামীৰ স্মৃতি শক্তি বৰ চোকা আছিল। কোনোবাই তেওঁৰ আগত কিবা গল্প কিম্বা কাহিনী ক’লে পিচত তেওঁ তাক হুবহু তেনেকৈয়ে ক’ব পাৰিছিল। তেওঁ নিজেও গল্প বৰ ভালকৈ ক’ব জানিছিল। তেওঁৰ মনে মনে মিলা সমাজ পালে কেতিয়াবা হাঁহিত পেটু-নাৰি ছিগা আৰু কেতিয়াবা পাণ্ডিত্যপূৰ্ণ গভীৰ তত্ত্ব বা তথ্য আদিৰ কথা হৈ বৰ ভাল পাইছিল। তেওঁ সমাজ আৰু মানুহ চাই খাপ খোৱাকৈ আলাপ কৰিব জানিছিল। ই এটা সজ গুণ।

[ ৩৭ ]