এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—আঠ—
‘উদগতিৰ পথত বহুত হুল-জোং আছে, আকাঙ্ক্ষাৰ চোক। ৰাগীত পৰি মতলীয়া নহলে কোনেও তালৈ বেগেতে আগনাবাঢ়ে। উদগতি কৰি ডাঙৰ হ’বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে, কিন্তু তেনেকুৰা ধুৱলি বাঞ্চা মানুহৰ কেতিয়াও পুৰ নহয়। উদগতিৰ বাঞ্ছা থিৰ, নিশ্চিত, আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে, তেহে উদগতি পথৰ বিকট বাধাবোৰৰ সমুখ হ’ব পাৰি।’ হেমচন্দ্ৰ গোস্বামীৰ গাত উক্ত গুণ আছিল। সেই বাবেহে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোহোৱাকৈয়ো চব-ডেপুটী, মুনচুফ আদি কাম পৰ্য্যন্ততো নিযোজিত হ’ব পাৰিছিল।
হেমচন্দ্ৰ গোস্বামী এখন ধীৰ প্ৰকৃতিৰ সৰ্ব্বজনপ্ৰিয় অমায়িক লোক আছিল। তেওঁ সকলোকে উচিত আৰু ন্যায়সঙ্গত বুদ্ধি দিছিল আৰু নিজেও সেই দৰেই চলিছিল। তেওঁৰ গোটেই জীৱন হাকিম কাম কৰিয়েই অতিবাহিত হৈছিল যদিও হাকিমী ‘মেজাজ’ৰ লোক নাছিল। অফিচত তেওঁ হাকিম
[ ৩৫ ]