হেমচন্দ্ৰ গোস্বামী
এবাৰ তেওঁলোক কেউজন লগ লাগি হৰিদ্বাৰত কুম্ভমেলা চাবলৈ আৰু নানা তীৰ্থ পৰ্য্যটন কৰিবলৈ গৈছিল। গোস্বামীদেৱ এজন ওখ-ডাঙৰ বগা থুলন্তৰ পুৰুষ আছিল। সেই সময়ত মূৰত উফিৰ বিকাৰ থকা কাৰণে তেওঁ প্ৰায়েই মূৰ খুৰাইছিল। কুম্ভমেলাত নৰসিংহ উপাসক ‘নৰসিংহ সন্ন্যাসী’ সকলে প্ৰথমতে গঙ্গা স্নান কৰে। তেওঁলোক উলঙ্গ আৰু বৰ জয়াৰ। তেওঁলোক স্নান কৰিবলৈ যাওঁতে আৰু ঘূৰি আহোতে চিপাহী-চন্তৰি সকলোৱে বাট মুকলি কৰি কোনো মানুহ যাব নোৱাৰাকৈ ৰাখে। এওঁলোক কেউজন বাটৰ দাঁতিতে থিয় হৈ আছিল। তাৰে উলঙ্গ সন্ন্যাসী এজনে, কি ভাবি ক’ব নোৱাৰি, কমণ্ডলুৰপৰা পানী এচলু লৈ গোস্বামীদেৱৰ খুৰোৱা মূৰত থপৰিয়াই দি গ’ল। এই দল সন্ন্যাসীলৈ সকলোৱে বৰ ভয় কৰে। গোস্বামীদেৱৰো সেই মুহূৰ্ত্তত বৰ ভয় লাগিছিল, আৰু কাষৰ লোকসকল এই কাৰ্য্যত বৰ আচৰিত হৈছিল। জয়াৰ নগ্ন সন্ন্যাসীজনৰ উক্ত কাৰ্য্য বহুতে সৌভাগ্যৱান পুৰুষৰ পৰিচায়ক বুলিহে বিচেনা কৰে।
হেমচন্দ্ৰ গোস্বামীৰ বিদেশী বহুতো সুপ্ৰসিদ্ধ লোকৰ লগত আত্মীয়তা আছিল। সেই দেখি ডক্টৰ ডি-আৰ
[ ৩৩ ]