—সাত—
অসমৰ পুৰাবৃত্ত, পুৰালিপিতত্ত্ব, জাতিতত্ত্ব, আচাৰ-পদ্ধতিতত্ত্ব, মুদ্ৰাতত্ত্ব, শিলামূৰ্ত্তি, অস্ত্ৰ-সস্ত্ৰ, শিলালিপি ইত্যাদি নানা বিষয়ৰ পৌৰাণিক বয়-বস্তু সংগ্ৰহ কৰি অসমীয়াৰ অতীত কীৰ্ত্তিৰ নিদৰ্শণ ৰাখিবলৈ আৰু ঐতিহাসিক চৰ্চ্চা কৰিবৰ সুবিধাৰ কাৰণে “কামৰূপ অনুসন্ধান সমিতি” স্থাপিত হয়। এই অনুসন্ধান সমিতি স্থাপন-সূত্ৰত হেমচন্দ্ৰ গোস্বামী, ৰায়বাহাদুৰ কালীচৰণ সেন, প্ৰফেচাৰ পদ্মনাথ ভট্টাচাৰ্য্য বিদ্যাবিনোদ, আদি সদাশয় লোকসকলৰ উদ্যম আৰু পুৰুষাৰ্থৰ কথা উল্লেখযোগ্য আৰু চিৰস্মৰণীয়।
আদিতে “অসম সাহিত্য সভা”ৰ আৰ্থিক অৱস্থা বৰ বাৰু নাছিল। হেমচন্দ্ৰ গোস্বামী এক্ষ্ট্ৰা এচিষ্টেণ্ট কমিচনাৰ হৈ থাকোতে যোৰহাটলৈ বদলি হৈ আহি সাহিত্য সভাৰ আৰ্থিক দুৰৱস্থাৰ কথা জানি, তেওঁৰ উৎসাহ আৰু উদ্গনিতে গোলাঘাটৰ শ্ৰীযুত ৰাধানাথ গোস্বামীয়ে শিশু-সাহিত্য প্ৰকাশৰ কাৰণে “কমলাদেৱী ট্ৰাষ্ট ফণ্ড” খুলি দুহাজাৰ আৰু পুৰণি
[ ৩০ ]