এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ গোস্বামী
তেওঁৰ উদ্যম আৰু সৌজন্যত অশেষ ধন ভগন কৰি, দীৰ্ঘ জীৱি নহলেও, সৰস্বতীৰ গুণী পুত্ৰ শ্ৰীযুত নীলমণি ফুকন ডাঙৰীয়াৰ সম্পাদনত প্ৰথম আৰু একেখন মাত্ৰ দৈনিক বাতৰি কাকত উলিয়ায়।
হেমচন্দ্ৰই অসমৰ পঢ়ুৱৈ সমাজ কেনেকৈ গঠন কৰিব পাৰি, সেই বিষয়ে “ঊষা”ৰ জড়িয়তে এটা সোণৰ পদক দিবলৈকো প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ ফলাফল কি হ’ল জন্য নগল।