হেমচন্দ্ৰ গোস্বামী
অসমীয়া গদ্য-সাহিত্যৰ সৃষ্টি-কৰ্ত্তা ভট্টদেৱে ৰচনা কৰা “কথা-গীতা”খন গোস্বামীদেৱে সম্পাদন কৰি প্ৰকাশ কৰে। এই পুথি প্ৰকাশ কৰি তেওঁ কলিকতা বিশ্ববিদালয়ৰ ভাইচ্ চেঞ্চেলাৰ চাৰ আশুতোষ মুখাৰ্জ্জী, বিশ্ব-কৱি ৰবীন্দ্ৰনাথ ঠাকুৰ, চাৰ প্ৰফুল্লচন্দ্ৰ ৰায় প্ৰভৃতি প্ৰসিদ্ধ লোকসকলৰ বহুতো প্ৰশংসা লাভ কৰে।
ছাত্ৰ-জীৱনতে লিখা ২৪-টা কৱিতাৰে “ফুলৰ চাকি” নাম দি ১৩৪-পিঠিৰ এখন কিতাপ ছপা কৰি গোস্বামীদেৱে প্ৰকাশ কৰিছিল। “ফুলৰ-চাকি”ৰ ধেমেলীয়া কৱিতা “পেট” আৰু গহীন ভাবৰ কৱিতা “পুৱা” বৰ্ত্তমান অসমীয়া সাহিত্যত উল্লেখযোগ্য।
হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা লিখিত আৰু সম্পাদিত ওপৰোক্ত কিতাপ কেইখনৰ বাহিৰেও “অঙ্কীয়া বাৰ নাট” নাম দি শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ৰচিত শ্ৰীকৃষ্ণ-জন্ম, পত্নী-প্ৰসাদ, ৰুক্মিণী হৰণ, শ্ৰীৰাম-বিজয়, পাৰিজাত হৰণ, ৰাস-ক্ৰীড়া, অৰ্জ্জুন-ভঞ্জন, চোৰধৰা-ঝুমুৰা, ভূমি-লুটিৱা, পিপৰা-গুচোৱা, ভোজন-ব্যৱহাৰ আৰু কালীয়-দমন এই বাৰখন পুৰণি নাট আৰু “কথা-ভাগৱৎ” সংগ্ৰহ আৰু সম্পাদন কৰি ছপাখানাত দিছিল; কিন্তু সেইবিলাকৰ ছপা কাৰ্য্য
[ ২৭ ]