সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ গোস্বামী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেমচন্দ্ৰ গোস্বামী


বিভিন্ন ঠাইত অনুষ্ঠিত হ’বলৈ ধৰিলে।

 ১৯০৭-চনত অসম গৱৰ্ণমেণ্টে কটন কলেজৰ প্ৰিঞ্চিপেল এফ-ডব্লিউ চুড্মাৰ্চন চাহাবক অসমীয়া ভাষা-সাহিত্য, তাৰ ক্ৰমোন্নতি আৰু আঁতি-গুৰি বিচাৰ কৰি এখন বিৱৰণ লিখিবলৈ ভাৰ দিছিল। হেমচন্দ্ৰ গোস্বামীয়ে শ্ৰীযুত গোহাঁই-বৰুৱা ডাঙৰীয়াৰ সৈতে লগ লাগি অসমীয়া ভাষা-সাহিত্য সম্বন্ধে ইংৰাজীতে এটা বিৱৰণ গোটাই চুড্মাৰ্চন চাহাবক দিয়ে। চুড্মাৰ্চন চাহাবে এই বিৱৰণৰ ওপৰতে নিৰ্ভৰ কৰি “নট্‌ছ অন দি আসামীজ লেঙ্গয়েছ” ( Notes on the Assamese Language) নাম দি এখন পুথি লিখে। এই পুথি ১৯০৮-চনত অসম গৱৰ্ণমেণ্টে প্ৰকাশ কৰে।

 গোস্বামীদেৱে অসম উপত্যকাৰ কমিচনাৰ কৰ্ণেল পি-আৰ-টি গৰ্ডন চাহাবক ধৰি তেওঁৰ হতুৱাই লব্ধপ্ৰতিষ্ঠ কৱি-সাহিত্যিক ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াক সাহিত্যিক পেঞ্চন দিয়াই অসমীয়া ভাষা আৰু সাহিত্যক সন্মানিত কৰে। অসমৰ ধীৰেশ্বৰ ভট্টাচাৰ্য্য কৱিৰত্নদেৱে মহামহোপাধ্যায় উপাধি পোৱাত গোস্বামীদেৱৰ যত্ন আৰু উদ্যমো উল্লেখযোগ্য।

[ ১৬ ]