সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ গোস্বামী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেমচন্দ্ৰ গোস্বামী


এটা নতুন যুগ সৃষ্টি কৰিলে। স্বভাৱতে সাহিত্যানুৰাগী, উদ্যোগী উঠি অহা ডেকা হেমচন্দ্ৰ গোস্বামী ওপৰোক্ত সাহিত্যসেৱী লোকসকলৰ মাজত পৰি আৰু তেওঁলোকৰ উৎসাহ-উদগনি পাই সাহিত্যানুৰাগ বাঢ়ি উঠাতো স্বাভাৱিক। তেওঁ হাই স্কুলৰ ছাত্ৰ অৱস্থাতে ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ সম্পাদিত “আসাম বন্ধু”ত প্ৰায় প্ৰত্যেক মাহেই কৱিতা প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ লং ফেল’ (Long Fellow), কুপাৰ (Cowper) আদি বিখ্যাত ইংৰাজ কৱি-সাহিত্যিকসকলৰ কৱিতাও অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল। বহুত সময়ত তেওঁ তেওঁৰ সমনীয়া বন্ধু-বান্ধৱলৈ পদ্যৰেহে চিঠি লিখা-লিখি কৰিছিল। তেওঁ কলিকতাৰ প্ৰেছিডেঞ্চি কলেজত পঢ়া সময়ত ‘জোনাকী’ আৰু ‘বিজুলী’ নামেৰে দুখন মাহেকীয়া আলোচনী কাকত প্ৰকাশ হৈছিল। হেমচন্দ্ৰ গোস্বামীয়ে ‘জোনাকী’ আৰু ‘বিজুলী’ দুয়োখন কাকততে প্ৰৱন্ধ-পাতিৰে যোগান পৰিছিল। ইয়াৰ বাহিৰেও তেওঁ ‘ঊষা’ ‘বাঁহী’, ‘আলোচনী’ ‘আসাম-বান্ধৱ’, ‘অকণ’, ‘জন্মভূমি’, ‘মিলন’, ‘অকণ’ আদি আলোচনী কাকতবিলাকত

[ ১৪ ]