মাকে তেওঁক এই দৰে ঘৰতে থকা লাহে লাহে সমূলি ভাল নোপোৱা হৈ আহিল। সেই কাৰণে ১৮৮৫ চনত ১৩-বছৰ বয়সত মাকে তেওঁক নগাৱঁত থকা মোহাক বাপুৰাম শৰ্ম্মা পেস্কাৰৰ ঘৰলৈ পঢ়িবৰ কাৰণে পঠিয়াই দিলে।
হেমচন্দ্ৰই এই বাৰ নগাওঁ হাই স্কুলৰ পঞ্চম মান শ্ৰেণীত নাম লগাই পঢ়িবলৈ ধৰিলে। নগাওঁ হাই স্কুলত তেওঁ প্ৰতি বছৰে প্ৰথম হৈ প্ৰমোচন পাইছিল। ১৮৮৮-চনত হেমচন্দ্ৰই সুখ্যাতিৰে উক্ত স্কুলৰপৰাই এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰে আৰু মাহে ২০৲ ( কুৰি ) টকীয়া এটি বৃত্তি লাভ কৰি কলিকতাৰ প্ৰেছিডেঞ্চি কলেজলৈ যায়। তাত চাৰি বছৰ পঢ়ি ১৮৯২-চনত বি-এ পৰীক্ষা দিয়ে। বি-এত তেওঁৰ প্ৰধান বিষয় বিজ্ঞান আছিল। কিন্তু সেই সময়ত তেওঁ “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ কামত নেৰানেপেৰাকৈ লাগি থাকিব নদীয়া হোৱাৰ কাৰণে বি-এ পৰীক্ষা পাছ কৰিব নোৱাৰিলে।গোস্বামীদেৱৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নোহোৱাত আৰু আন ফালে অৱস্থাৰ বিপৰ্য্যয়ত তেওঁ ঘৰৰ কাৰণে অন্ন-বস্ত্ৰাদিৰো সংস্থান কৰিব লগীয়া হোৱা আদি নানা ঘৰুৱা জঞ্জালৰ বাবে কলিকতাত থাকি পুনৰাই পঢ়া সম্ভৱ
[ ৭ ]