সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ গোস্বামী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেমচন্দ্ৰ গোস্বামী

ঘৰত থাকি এবছৰ ইংৰাজী পঢ়ি সুবিধা নাপাই ঘৰলৈ উভতি আহে।

 হেমচন্দ্ৰ গোস্বামীয়ে এইবাৰ ঘৰতে পঢ়াৰ দিহা কৰিলে। মণিৰাম পিয়ালিৰ দিনত হৰনাথ পৰ্ব্বতীয়া-বৰুৱাৰ লগৰ চৰমনাথ দাৰোগাৰ ঘৰ হেমচন্দ্ৰৰ ঘৰৰ ওচৰতে। চৰম নাথৰ পুতেক দিণ্ডীৰাম হাজৰীকাই কিছু ইংৰাজী জানিছিল। হেমচন্দ্ৰই দিনত তেওঁৰ ওচৰত ইংৰাজী আৰু ৰাতি ঘনশ্যাম পণ্ডিতৰ ওচৰত “ৰত্নমালা ব্যাকৰণ” পঢ়িবলৈ আৰম্ভ কৰিলে। ইয়াৰ লগে লগে ঘৰৰ পুথি বিলাক চাফ-চিকুণকৈ ওপৰত সৰু সৰু তুলাপাতত নাম লিখি আৰু আন ঠাইৰপৰাও পুথি বিচাৰি আনি নকল কৰি,গোসাঁঁই ঘৰৰ মণিকূটত এখন হেদালি দি পুথিবোৰ সজাই-পৰাই থৈ এটি সৰু পুথিভঁৰাল কৰিছিল।

 মানুহৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে কি দুখীয়া, কি চহকী, সকলোৰে শাৰীৰিক পৰিশ্ৰমৰ আৱশ্যক। এলেহুৱা মানুহ চিৰৰুগীয়া। হেমচন্দ্ৰ গোস্বামীয়ে এই কথা বেছকৈ উপলব্ধি কৰিছিল। তেওঁ শৰীৰ ভালে ৰাখিবৰ কাৰণেই পৰিশ্ৰমৰ আৱশ্য়ক বোধ কৰি,ঘৰৰ সম্মুখতে এখন ধুনীয়া ফুলনি পাতিছিল। এই দৰেই হেমচন্দ্ৰৰ বহুতো দিন অতিবাহিত হৈ যাবলৈ ধৰিলে।