এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হেমচন্দ্ৰ গোস্বামী
বিদ্যা শিক্ষা দিয়াইছিল। সেই সময়ত অসমৰ জনসাধাৰণৰ, বিশেষকৈ গাৱঁলীয়া লোকসকলৰ শিক্ষালৈ ধাউতি যে নাছিলেই, শিক্ষাৰ মোলো নুবুজিছিল! সেই কাৰণে মানুহ বিলাকে তেওঁলোকৰ লৰা-ছোৱালী পঢ়াশালিলৈ পঠাবলৈ বৰকৈ মন নকৰিছিল। ডম্বৰধৰ গোস্বামীয়ে চৰৰ গাওঁবিলাকৰ লোকসকলক বুজাই-বৰাই তেওঁলোকৰ লৰা-ছোৱালীবিলাকক পঢ়াশালিত দিবলৈ মান্তি কৰাইছিল।
হেমচন্দ্ৰ গোস্বামীৰ আঠ বছৰ বয়স হওঁতেই তেওঁৰ পিতাক ডম্বৰুধৰ গোস্বামী বাৰাণসীত তীৰ্থ কৰিবলৈ গৈ শিৱচতুৰ্দ্দশীৰ দিনা তাতে মৃত্যু হয়।