সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ গোস্বামী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হেমচন্দ্ৰ গোস্বামী

ইয়াৰ পিচত তেওঁ দ্বিতীয় গৰাকী ঘনকান্তি দেৱীক বিয়া কৰায়। পিচৰ গৰাকীৰ প্ৰথমতে দুজনী ছোৱালী আৰু এটি লৰা ৬,৭-বছৰ বয়সীয়া হৈ মৃত্যু হোৱাৰ পিচত বহুত দিন সতি-সন্ততি একো নোহোৱা হৈ আছিল। পিচত অনেক যাগ-যজ্ঞাদি কৰাৰ ফলত ইংৰাজী ১৮৭২-চনৰ ৮-জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ অন্তৰ্গত গোলাঘাট মহকুমাৰ ঢেকিয়াল গৌৰাঙ্গ সত্ৰৰ নিজ পিতৃ-গৃহত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয়। তেওঁৰ জন্মৰ লগে লগেই পূৰ্ব্বৰ ভেটিত সতি-সন্ততি নুঠে বুলি ভাবি তাৰ পৰা ঘৰ-বাৰী লৰাই ওচৰতে আন এঠাইত পতা হয়। হেমচন্দ্ৰ গোস্বামীৰ পিচত দুটি সন্তান জন্ম হৈ মৃত্যু হোৱাৰ পিচত শ্ৰীযুত জগৎচন্দ্ৰ গোস্বামী আৰু শ্ৰীযুতা জগদেশ্বৰী দেৱী জন্ম হয়।

 সেই সময়ত অসমৰ নগৰে-চহৰে দুই-এখনকৈ স্কুল থকাৰ বাহিৰে আজি-কালিৰ দৰে স্কুল-কলেজ হোৱা নাছিল। গতিকে সেই অঞ্চলত কোনো স্কুল নথকাত ডম্বৰুধৰ গোস্বামীয়ে ঘৰৰ ওচৰতে এখন পঢ়াশালি পাতি দেৰগাৱঁৰপৰা ঠানুৰাম পণ্ডিত নামৰ এজন শিক্ষিত ব্ৰাহ্মণ নি, তেওঁ নিজেই তেওঁৰ সকলো ভৰণ-পোষণৰ ভাৰ লৈ, ঘৰতে ৰাখি হেমচন্দ্ৰক

[৩]