পৃষ্ঠা:হেমকোষ.pdf/৯৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ক্ষুধাহীন্
ক্ষৌৰ-কৰ্ম্ম।
৯৭২

পীড়িত) ভোকৰ পৰা দুঃখ পোৱা, ভোকাল, hungry, oppressed by hunger.

ক্ষুধাহীন, বি. (সং. ক্ষুধাহীন -- ক্ষুধা, ভোক + হীন, নথকা) ভোক নথকা, having no appetite.

ক্ষুধিত, কৃদ. বি. (সং. ক্ষুধিত -- ক্ষুধ্, ভোক লাগ্) ভোক লগা, ভূকীয়া, hungry.

ক্ষুব্ধ, বি. (সং. ক্ষুব্ধ -- ক্ষুভ্, সঞ্চালিত হ) উগুলথুগুল লগা, অস্থিৰমনা, চিন্তাকুল, আন্দোলিত, disturbed mentally, anxious, agitated.

ক্ষুভিত্বি.(সং. ক্ষুভিত -- ক্ষুভ্, ঐ) উগুলথুগুল লগা, চিন্তিত, ভাবনাযুক্ত, agitated, mentally anxious

ক্ষুৰ্, স.শ. (সং. ক্ষুৰ -- ক্ষুৰ্, কাট্‌ ) খুৰ, খুৰোৱা অস্ত্র, a razor.

ক্ষুল্ল-তাত্, স.শ. (সং. ক্ষুল্লতাত -- ক্ষুল্ল, কনিষ্ঠ + তাত, পিতা) পিতৃৰ ভায়েক, দদাই, a paternal uncle.

ক্ষেত্র, স.শ. (সং ক্ষেত্র -- ক্ষি, বাস কৰ্) খেতি; পথাৰ, পবিত্ৰ ঠাই, cultivation, a field, a sacred place.

ক্ষেত্রজ্‌, বি. (সং. ক্ষেত্রজ -- ক্ষেত্র, ভাৰ্য্যা + জন্, ওপজ্) আপোনাৰ ভাৰ্য্যাৰ গৰ্ভত বংশৰ কোনো লোকৰ দ্বাৰা উৎপন্ন; যেনে, ক্ষেত্ৰজ পুত্র; এনে পুত্র পূর্ব্বে ঔৰস সন্তানৰ তুল্য় আছিল, begotten on one's wife by a kinsman.

ক্ষেত্রপাল্‌, স.শ. (সং. ক্ষেত্রপাল -- ক্ষেত্র, শৰীৰ + পাল, ৰক্ষক) এবিধ অপদেৱতা, খেঁতৰ, an evil spirit.

ক্ষেপণ্, কৃদ.স. (সং. ক্ষেপণ -- ক্ষিপ্‌, দলিয়া) দলিওৱা বা নিক্ষেপ কৰা কাৰ্য্য, the act of throwing or casting.

ক্ষেম্, স.শ. (সং, ক্ষেম -- ক্ষি, দূৰ কৰ্, ক্লেশ দূৰ হয়) কুশল, মঙ্গল, well-being, welfare.

ক্ষেমৱন্ত, ক্ষেমৱান্, বি. মঙ্গলযুক্ত, ভাগ্যৱন্ত, সুখী, prosperous, happy.

ক্ষোভ্, স.শ. (সং. ক্ষোভ -- ক্ষুভ্, সঞ্চালিত হ) মনৰ অস্থিৰতা, উগুলথুগুল; anxiety, agitation of the mind.

ক্ষৌণী, স.শ. (সং. ক্ষৌণী, পৃথিবী -- ক্ষ, শব্দ কৰ্) পৃথিবী, the earth.

ক্ষৌৰ-কৰ্ম্ম, স.শ. (সং. ক্ষৌৰকৰ্ম্ম -- ক্ষৌৰ, খুৰোৱা + কৰ্ম্ম, কাজ) খুৰোৱা কাৰ্য্য়, the act of shaving.


সমাপ্ত।