পৃষ্ঠা:হেমকোষ.pdf/৯৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হো হো
ক্ষমা
৯৭০

হো হো , হৌ হৌ, অনুক. বৰ বতাহৰ, বৰষুণৰ বা খুন্দা খোৱা সোঁতৰ নিচিনা শব্দ, an imitative sound used to express that of a tempest, heavy shower of rain or an obstructed current.

হো-হৌৱনি, হৌ-হৌৱনি, সং.শ. বৰ বতাহৰ, বৰষুণৰ বা খুন্দা খোৱা সোঁত পানীৰ শব্দ, the sound of a tempest, heavy rain or an obstructed current.

হো-হোৱা, হৌ-হৌৱা, অ.ধা. হো হো শব্দ কৰ্, to roar, as wind or water.

হো হো কৰে, হৌ হৌ কৰে, ক্রি.বি. হো হো বা হৌ হৌ শব্দ কৰি, roaring, as wind or water.

হ্ৰদ্, সং.শ. (সং. হ্ৰদ -- হ্ৰাদ্, শব্দ কৰ্) নৈ বা সাগৰৰ ডুবি; বৰ দ আৰু বহল পানী, the deepest and broadest part of a river, a natural cistern, a gulf or bay.

হ্ৰস্ব; বি. (সং. হ্ৰস্ব -- হ্ৰস্, শব্দ কৰ্) চুটিকৈ মতা; যেনে, হ্ৰস্ব ইকাৰ; এতেকে চুটি, চাপৰ্, depressed in scale of sound, short, low.

হ্ৰস্বতা, গু.শ. চুটি গুণ, চাপৰ অৱস্থা, shortness, lowness.

হ্রাস্, সং.শ. ন্যূনতা, কমতি, অলপ, shortness, diminution. বি. কম পৰা; যেনে, জৰ হ্ৰাস হৈছে, diminished, abated.

ক্ষ

ক্ষ, বৰ্ণমালাৰ শেষ আখৰ। ই সংযোগী; ক আৰু ষ, এই দুইৰ যোগত উৎপন্ন, কিন্তু অসমীয়াত তাৰ উচ্চাৰণ "খ্য়" ৰ তুল্য, the last letter of the consonants.

ক্ষণ্, সং.শ. (সং. ক্ষণ -- ক্ষণ, পীড়া কৰ্) অতি অলপ কাল, খন্তেক, a measure of time equal to four minutes, a moment.

ক্ষণভঙ্গুৰ্‌, বি. (সং, ক্ষণভঙ্গুৰ -- ক্ষণ, অলপ কাল + ভঙ্গুৰ, ভগা) শীঘ্ৰে নষ্ট হোৱা, অচিৰস্থায়ী, frail, transient, perishable.

ক্ষণিক্, বি. অলপ কাল থকা, খন্তেকীয়া, momentary.

ক্ষণেক্, সং.শ. (সং. ক্ষণৈক, ক্ষণ + এক) এক ক্ষণ, খন্তেক, a moment.

ক্ষত্, সং.শ. (সং. ক্ষত -- ক্ষণ্, পীড়া কৰ্) অলপ ঘা, a slight wound.

ক্ষতবিক্ষত্, বি. (সং. ক্ষতৱিক্ষত -- ক্ষত, ঐ + ৱিক্ষত, বৰ ঘা) অনেক ঠাইত ঘা লগা, বৰকৈ কটা বা বিদীর্ণ কৰা, এতেকে অনেক ঠাইত আখৰ কটা আৰু ওপৰত তোলা; যেনে, কাকতখান ক্ষতবিক্ষত হল, mangled, hacked, full of alterations and interlineations.

ক্ষতি, সং.শ. (সং. ক্ষতি -- ক্ষত্, হিংসা কৰ্) হানি, নাশ, loss, injury.

ক্ষতিক্ষণ্, “খতিক্ষণ্” চোৱাঁ।

ক্ষত্রিয়, সং.শ. (সং. ক্ষত্রিয় --ক্ষদ্, ভাগ কৰ্) হিন্দুৰ দ্বিতীয় জাতি, যোদ্ধা, a man of the second or military class among the Hindus, (স্ত্রী) ক্ষত্রিয়াণী বা ক্ষত্রিয়া।

ক্ষত্রিয় ধৰ্ম্ম, সং.শ. (সং. ক্ষত্রিয়ধৰ্ম্ম -- ক্ষত্ৰিয়, ঐ + ধৰ্ম্ম, কৰ্ত্তব্য কৰ্ম্ম ) ৰণ আৰু প্ৰজা পালন, the duty of the military class, viz., war and government.

ক্ষত্রী, সং.শ. (সং. ক্ষত্রিন, ক্ষত্র + ইন) ক্ষত্রিয়, a man of the military class. (স্ত্রী) ক্ষত্রিণী।

ক্ষম্, স.ধা. (সং. ক্ষম্, সহি থাক্‌) দোষ এৰ্, ক্ষমা কৰ্‌; যেনে, ঈশ্বৰে দোষ ক্ষমে, to pardon, to forgive.

ক্ষমতা, গু.শ. (সং. ক্ষমতা -- ক্ষম, পাৰক) পাৰকতা, শক্তি, power, ability.

ক্ষমতাপন্ন, বি. (সং. ক্ষমতাপন্ন -- ক্ষমতা, শক্তি + আপন্ন, যুক্ত) ক্ষমতা থকা, ক্ষমতা পোৱা, having power.

ক্ষমা, সং.শ. (সং ক্ষমা -- ক্ষম, সহি থাক্)