সমললৈ যাওক

পৃষ্ঠা:হেমকোষ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অক্ষত্।
আইচু
৫৮

অক্ষত্, বি. (সং. অক্ষত, ঘা-নলগা — অ, নাই + ক্ষত, ঘা) ঘা-নলগা, নিঘুণ, not wounded or bruised. স.শ. পূজাত ব্যৱহৃত নভগা আৰৈ চাউল, unbroken raw rice.

অক্ষতা, বি. (সং. অক্ষতৰ স্ত্ৰীলিঙ্গ) ক্ষত নোহোৱা; পুনৰ বিয়া নোহোৱা, not attaining puberty, স.শ. পুনৰ বিয়া নোহোৱা ছোৱালী, a girl not attaining puberty.

অক্ষম, বি. (সং. অক্ষম, অপাৰগ — অ, নহয় + ক্ষম, পাৰগ) নোৱৰা, অপাৰগ, unable, incompetent.

অক্ষয়, বি. (সং. অক্ষয়, ক্ষয় নোপোৱা — অ, নাই + ক্ষয়, নাশ) নাশ-নোপোৱা, সদায় থকা; যেনে, অক্ষয় বট; শেষ নোহোৱা, অন্ত-নোপোৱা; যেনে, অক্ষয় ভাণ্ডাৰ, imperishable, inexhaustible.

অক্ষৰ্, স.শ. (সং. অক্ষৰ, আখৰ — অ, নাই + ক্ষৰ, নাশ; লিখি থোৱা কথা চিৰকাল থাকে, এতেকে) আখৰ, কাপেৰে লিখা কোনো এটা শব্দ বা শব্দৰ এভাগ-বুজোৱা চিন, a letter of the alphabet.

অক্ষৰাৰ্থ, স.শ. (সং. অক্ষৰ, আখৰ + অৰ্থ, শব্দে যাক বুজায়) শব্দাৰ্থ, literal meaning.

অক্ষি, স. শ. (সং. অক্ষি, চকু-অশ্-ব্যাপ্) চকু, আখি, চক্ষু, the eye.

অক্ষোভে, ক্ৰি.বি. (সং. অক্ষোভ, অকম্পন) নকঁপাকৈ, নিশঙ্কৰূপে, খকজা-নলগাকৈ; যেনে, অক্ষোভে পঢ়ে, আক্ষোভে কয়, without hesitating, fluently.

অক্ষৌহিনী, স.শ. (সং. অক্ষৌহিনী, সৈন্য সমূহ — অক্ষ, ৰথ + উহিনী, সমূহ) ১০৯৩৫০ পদাতি, ৬৫৬১০ ঘোঁৰা, ২১৮৭০ ৰথ, ২১৮৭০ হাতী, এইয়ে এক অক্ষৌহিনী, অথবা এক অযুত হাতী, তিনি অযুত ৰথ, এক লাখ পদাতি, দহ লাখ ঘোঁৰা, a complete army consisting of 109,350 foot, 65,610 horses, 21,870 chariots, 21,870 elephants.

, স্বৰবিলাকৰ দ্বিতীয় আখৰ; কোনো অসমীয়া শব্দৰ আগত থাকিলে না-পদৰ অৰ্থ বুজায়; যেনে, আখৰ, থৰ-নকথা; সেই অৰ্থত কেতিয়াবা এ হয়; যেনে, এলাগী, লাগী-নোহোৱা, the second letter of the vowels, put before an Assamese word is equal to a negative.

আই, স.শ. (সং. মাতৃ, জনম-দিয়া তিৰী) মাতৃ; বসন্ত-ৰোগ, (ইয়াক শীতলা দেবী বুলি মানুহে ভাবে, এতেকে); যেনে, অমুকৰ আই ওলাইছে, mother; small pox, আই সকল, বসন্ত-ৰোগ, small pox.

আই-ঐ! ভা.অব্য. (অং. আই + ঐ, সম্বোধন) পুতৌকৰা মাত, যেনে, আই-ঐ ডুখৰি! an interjection of pity.

আই-ঔ! ভা.অব্য. (অং. আই + ঔ, সম্বোধন) অকম্মাত ভয় বা দুখ পাই বা আচৰিত হৈ চিঞৰ-মৰা মাত, an exclamation of terror, wonder or pain.

আই-কুঁৱৰী, আই-কুঁৱৰী দেও, স.শ. (অং. আই, মাতৃ + কুঁৱৰী, ৰজাৰ ভাৰ্যা + দেও, বৰলোকৰ উপাধি) মাদৈ, ৰজাৰ ভাৰ্যা, a queen.

আইচ্, স.অ. [বোধ হয় বঙ্গালি আইস্ (আহ্) ক্ৰিয়াৰ পৰা ওলাইছে] কুকুৰত বাজে আন সৰু ঘৰচীয়া জন্তুক মতা শব্দ; যেনে, বিৰলী আইচ্, an interjection calling small domestic animals except dogs.

আইচু, স.শ. (অং. আই, মাতৃ) গোহাঁই-গগৈ-আদি আহোম-ডাঙ্গৰীয়াৰ ভাৰ্য্যাৰ উপাধি; আন ডাঙ্গৰ লোকৰ ভাৰ্য্যাকো সম্মান দেখাবৰ কাৰণ সেইৰূপে মতা যায় the title of the wife of an Aham nobleman; the wives of other gentlemen of rank are also addressed with that title out of compliment.