পৃষ্ঠা:হেমকোষ.pdf/৮২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮০১

যোগাসন্

যোগাসন্., স. শ. সং. (যোগাসন---যোগ, ধ্যান + আসন, পাৰি বহা বস্তু) ঈশ্বৰৰ ধ্যান কৰোতে যোগী বহিবৰ ভাও, দুই ঠেং কোঁচাই নাকৰ আগত দুই চকু লগাই গাটো পোন আৰু স্থিৰ কৰি কুশাসনত উপবেশন, the position in which a devotee sits while engaged in abstracted meditation.

যোগিনী,, স. শ. (সং. যোগিন শব্দ স্ত্ৰীলিঙ্গ) যোগ কৰা তিৰোতা, সন্ন্যাসিনী; পাৰ্বতীৰ পৰিচাৰিকা, a female devotee, a female attendant on Durga.

যোগী,, স. শ. (সং. যোগিন্—যোগ + ইন্। ঈশ্বৰত মন সংযোগ কৰোঁতা, এক চিত্তে ঈশ্বৰক চিন্তোতা, a devout man, who keeps his mind fixed on God.

যোগেশ,, স. শ. (সং যোগেশ্বৰ-যোগ যোগেশ্বৰ, +ঈশ্বৰ } যোগৰ ঈশ্বৰ, মহা যোগী, শিৱ; বিষ্ণু, a name of Siva, Vishnu.

যোগ্য,, বি. (সং. যোগ্য—যুজ, লগ লগা.) উপযুক্ত, fit, deserving,

যোগ্যতা,, গু. শ. (স.) উপযুক্ততা, যোগ্য হোৱা গুণ, fitness, desert, merit.

যোজক,, বি. (সং. যোক—যুজ, লগ লগা) লগ লগোৱা, মিলোৱা, joining, uniting.

যোজক,, স, শ. (সং, যোজন--যুজ্, লগ লগা) একত্ৰ কৰণ, লগ লগাওন; চাৰি ক্ৰোশ the act of uniting, a distance of nine miles. যোজনৰ দূৰতাৰ বিষত মতৰ প্ৰভেদ আছে।

যোজা,, স, শ, (অং. যো, আয়োজন+জা, অনুৰূ.) আয়োজন, যো, preparations, arrangements.

যোজিত,, কৃদ. বি. (সং. যোজিত-যুজ, লগ লগা) লগ লগোৱা, মিলোৱা, joined, united.

যোজনা,}, স. শ. (সং. যোজন, মিলোৱা)

যোজোনা,}, দৃষ্টান্তু, পটন্তৰ। তাক কোনো এক বিষয়ত যোজন কৰা বা লগোৱা 51

যোৰানাম

যায়; যেনে, অবুজনক বুজোৱা ঢেৰুৱাৰ ঠাৰি সিজোৱা, অৰ্থাৎ ঢেৰুৱাৰ ঠাৰি সিজোৱা যেনে টান, বুজিব নোখোজা মানুহক বুজোৱাও ভেনে, a proverb, an adage.

যোত্ৰ,, স. শ. (বং যোত্ৰ, সম্পত্তি। ধন, সম্পত্তি, wealth, property.

যোত্ৰহীন,, বি. নিৰ্দ্ধন, দুখীয়া, poor. স. শ. ধাৰ শুজিবৰ উপায় নথকা ধৰুৱা, ঋণ চোৰা, an insolvent.

যোদ্ধা,, স. শ. (সং. যোদ্ধা ~~-যুধ্, ৰণ কৰ্ ) ৰণুৱা, ৰণ কৰোতা, a warrior, com- batant.

যোনি,, স. শ. (সং. যোনি, যোনী—যু, যোনী, লগ লগা) তিৰোতাৰ ঘাই অঙ্গ; এতেকে উৎপত্তিৰ ঠাই, আকৰ, the female organ, a source, a mine.

যোৰ, , স. শ. (সং, যুগ্ম; হিং. বং. যোড়া, দুটা) যুগল, দুটা; সমতা; যেনে, তোমাৰ যোৰৰ মানুহ, a pair, a couple, equality.

যোৰা,, স. শ. (সং, যুজ, লগ লগা) গায়ন বায়নৰ সমূহ, কিছুমান একে লগে গোৱা বা বজোৱা মানুহ; যেনে, এযোৰা ঢুলীয়া, a band of musicians,

যোৰাই দি,, কোনো মতাক কোনো তিৰো-তাৰ উপপতি বা কোন ভিৰোতাক কোনো মতাৰ উপপত্নী বুলি বাদ দি; যেনে, অমুক অমুকীৰ গিৰীয়েক যোৰাই দিছে বা অমুকীক অমুকৰ ঘৈণীয়েক যোৰাই দিছে ; কোনো সম্বন্ধ নথকা মানুহক আন কোনো মানুহেৰে কোনো এক সম্বন্ধ লগাই দি; যেনে, অমুকক অমুকৰ পুতেক যোৰাই দিছে, to couple the names of a man and a woman together.

যোৰা চা,, বিয়া দিব খোজা ছোৱালী আৰু লৰাৰ ৰাশি মিলাই চা, to compare the stars of a boy and girl intended to be married, যোৰানাম, স. শ. বিয়াত দৰা ধৰীয়া আৰু