পৃষ্ঠা:হেমকোষ.pdf/৮২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেনে, যাৱজ্জীৱন নেপাহৰে, for life, during the lifetime. যাৱৎ, ক্ৰি. বি. (সং. যাৱ৭-য, যি) যেতিয়ালৈকে, যি পৰ্যন্ত, fis long as. যাৱতে, ক্ৰি. বি. (সং. যাৱৎ) যেতিয়ালৈকে, as long as. যাৱনিক, বি. (সং. যাৱনিক-যৱন, মছল- মানাদি} মছলমানী, ইংৰাজী, Malio- medan, Europeau. যাৱাৰিক্‌, বি. (সং. যাৱাৰিক-যৰক্ষাৰ, যখাৰ) যখৰ সম্বন্ধীয়, যৱক্ষাযুক্ত, nitric. যি, সৰ্ব. (সং. যঃ, যি বাক্তি ) “সি” বা “তেওঁ” শব্দৰ পূৰ্ব্বত থকা সৰ্ব্বনাম; যেনে, যি পাপ কৰে, সি নৰকলৈ যায়, that person, who, which. যিমান, সৰ্ব্ব, যি পৰিমাণৰ, যেতেক, as much, as many. fq. f. forfatter; যেনে, সি যিমান ভাবে, আনে সিমান Cat5413, as much. যুঁজু, অ, ধ: {স, যুধ, ৰণ কৰু ) যুদ্ধ কৰু, অস্ত্ৰ বা হাতেৰে পৰস্পৰে প্ৰহাৰ কৰ; এজনে আন এজনক ধৰি পেলাবলৈ 75 74, to fight, to wrestle. খুঁজু, স. শ. (সং. যুদ্ধ, ৰণ } ৰণ, বিবাদ, পৰস্পৰে কৰা প্ৰহাৰ, জোটাপুটি, a fight, a battle, a struggle. যুঁজা, স, ধ, ৰণত নিযুক্ত কৰ, যুদ্ধ কৰা, এটাৰ বিৰুদ্ধে আনটোক নিয়োগ কৰ, to cause to fight, to set one against another. যুঁজাৰু, স. শ. যোদ্ধা, ৰণত নিপুণ, ৰণ prätuy, a combatant, a warrior. বি. যুদ্ধত ৰত, ৰণ কৰিবলৈ ভাল পোৰ, warlike. যুকিয়া, স, ধা. (অ. যোকা, জোটা। যোক বান্ধু, সংগ্ৰহ কৰু, একত্ৰ কৰু, to colleet, to bundle, to gather. যুক্ত, বি. (সং. যুক্ত—যুক্ত, লগ লগ) সংলগ্ন, যোজিত, লগ লগোৱ, মিলিত; উচিত, gee, joined, united, right, proper. , স. শ. (সং) যুগুতি, উচিত কথা; কোনো তৰ্কৰ কাৰণ; যেনে, যুক্তি অনু- সাৰে কাম কৰিবা, reason, propriety, the reason of an argument.. যুক্তিযুক্ত, {স.) যুক্তি থকা, যুক্তিসিদ্ধ, উচিত, সঙ্গত, consistent with reason, reasonable. যুক্তিহীন, বি, (স.) অযুগুত, যুক্তি নথকা, অসঙ্গত,॥tireasonable, devoid of reason. যুগ, স, শ, { স’ যুগ-যুজ, লগ লগা ) এজোৰ; কালৰ এক প্ৰধান ভাগ; যেনে, সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই চাৰি যুগ; এতেকে অতি দীৰ্ঘকাল; যেনে, এইটো ঘৰ এক যুগ যাব, a pair, an age of the world, as the Satya, Treta, Dwapar or Kalijug; a very long time. যুগমীয়া, বি. (সং. যুগ, সময়ৰ এক ভাগ) এক যুগ পকা, যুগ যোৱা; এতেকে বহু- state, durable, enduring, exist ing from a long time. যুগ, স. শ. (সং• যুগযুগ, এষোৰ) যোৰ, এযোৰ, দুটা, a pair, a couple যুগান্ত, স, শ, (সং. যুগান্ত-যুগ, সময়ৰ ভাগ+ অস্ত, শেষ ) এক যুগৰ শেষ, সত্য, ত্ৰেতা আদি এক যুগৰ অম্ভ, the end of all age. . মানুহ; যুগী, স. শ. {সং. যোগী, বাজীকৰ) সাপ ধৰা মানুহ, সাপ মেলি ৰং দেখোৱা অসম দেশৰ পাট-পল পোহা এক জাতি, কাটনি, a snake charmer, a class of people in Assam who deal in mulberry silk. (1) ffait যুগী-এৰি, স, শ. এবিধ পলুৰ দৰে বাহ বন্ধ পোক; এবিধ গছ, a kind of cater- pillar, a kind of plant. যুগীয়া, বি. (সং. যুগ, সময়ৰ ভাগ কোনো এক যুগৰ (আন এটা শব্দৰ পাচত থাকে); যেনে, কলিযুঞ্জয়া, of a certain age (used in composition).